সোণাৰিত জাতীয় সংগঠনৰ সদস্যক অস্ত্ৰ সহ আটক, সেনাৰ নাটক আখ্যা দুই থলুৱা যুৱকৰ

newsnextone.com | সোণাৰিঃ চৰাইদেউ জিলাত অব্যাহত আছে অস্ত্ৰৰ ঝনঝননি৷ যোৱা কেইবাটাও দিনৰ ভিতৰতে আলফাই সংস্থাপন কৰা বোমা উদ্ধাৰ, অস্ত্ৰ দেখুৱাই শুই থকা কিশোৰীক ধৰ্ষণ কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই এইবাৰ জাতী সংগঠনৰ নেতা আৰু আন এজন যুৱকক নিৰাপত্তাৰক্ষীয়ে অস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

উজনিৰ চৰাইদেউ, তিনিচুকীয়া, শিৱসাগৰ আদি জিলাত সেনা আৰু আৰক্ষীৰ অভিযান চলি থকাৰ সময়তে চৰাইদেউৰ সোণাৰিত সন্দেহজনক ভাৱে দুৰ্লভ কোঁৱৰ আৰু নিৰঞ্জন বুঢ়াগোহাঁই নামৰ দুজন যুৱকক সেনাই ধৰিবলৈ সক্ষম হয়৷ নিৰঞ্জন বুঢ়াগোহাঁই নামৰ যুৱকজন অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সোণাৰি আঞ্চলিক সমিতিৰ সদস্য বুলি জানিব পৰা যায়৷

জানিব পৰা মতে, সোণাৰিৰ মাইবেলাস্থিত সেনাৰ ১৭নং পেৰা ৰেজিমেণ্টৰ দলে বুধবাৰে নিশা সোণাৰি নগৰৰ ডাইমণ্ড হোটেলত অভিযান চলাই৷ সেনাৰ দলটোৱে বিশেষ খবৰৰ ভিত্তিত চলোৱা অভিযানত হোটেল খনৰ পৰা যুৱক দুজনক ধৰিবলৈ সক্ষম হয়৷
 
যুৱক দুজনৰ পৰা এটা নাইন এম এম পিষ্টল আৰু দুই জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি সেনাই দাবী কৰি যদিও সেনাৰ এই দাবী গোকাট মিছা বুলি কয় যুৱকদুজনে। পিষ্টলটো তেওঁলোকৰ নহয় বুলি কোৱাৰ লগতে ভুৱা নাটক কৰি ষড়যন্ত্ৰমূলক ভাবে উগ্ৰপন্থী সজোৱাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে দুই থলুৱা যুৱকে৷