
newsnextone.com | মঙলদৈঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ১৫ মে’ত অনুষ্ঠিত হয়৷ মঙলদৈৰ সনাতন ধৰ্মসভা প্ৰাংগনত অনুষ্ঠিত সমাৰোহত বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা আৰু মিনু বনিয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মত ব্যক্ত কৰে৷ মঙলদৈ আছুৰ মঞ্চৰ পৰাই বাংলাদেশী সংস্থাপনৰ বিৰোধিতা কৰি বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই মত ব্যক্ত কৰে।
অভিনেতাগৰাকীয়ে কয় ‘‘আমাৰ ভাষাটো থাকিব নে নাথাকে৷ থাকিবই৷ মই কৈছো নহয় থাকিবই৷ যেনেকৈ ‘ব’ মানে বহাগ, ‘ব’ মানে বিহু, ‘ব’ মানে বাংলাদেশী, ‘ব’ মানে বহিৰাগত আৰু ‘ব’ মানে বহিস্কাৰ৷ বহিস্কাৰ কৰিবই লাগিব৷ উপায় নাই৷ ক’ত থাকিব, আমাৰ ঘৰত৷ সাহস লাগিব৷ আমাৰ নিজৰ জেগাত এই ডিমাণ্ডটো সদায় ৰাখিব লাগিব৷ অসমবাসী ৰাইজ আৰু অসমৰ মানুহ খিনিৰ একতাটো এতিয়াও আছে৷ অসমৰ আবেগ বেছি৷ সকলো জনগোষ্ঠীয়ে এক হৈ থাকিব লাগিব৷ সকলো জনগোষ্ঠীক আবেগ আছে সেই আবেগ বোৰ যেতিয়া জ্বলিব তেতিয়া কোনেও সাৰিব নোৱাৰিব৷ সাত সাগৰ তেৰ নদী পাৰ হৈ সাৰিব নোৱাৰিব৷ যেনেকৈ কতা তাৰৰ বেৰেৰে গৰু পাৰ কৰে তেনেকৈ সিঁহতক পাৰ কৰি দিব লাগে৷
মঙলদৈত হিন্দু বাংলাদেশীৰ সংস্থাপন বিৰুদ্ধে আৰু বাংলাদেশী বহিস্কাৰৰ সপক্ষে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই এই মত ব্যক্ত কৰে৷