
newsnextone.com | ডিজিটেল ডেস্কঃ ব্যাপক অপ্ৰচাৰ, তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈও পঞ্চায়ত নিৰ্বাচনত বিপুল সমৰ্থন লাভ কৰি পশ্চিং বংগৰ মুখ্যমন্ত্ৰী মমতাৰ জনপ্ৰিয়তা অটুট থকাৰ কথাই প্ৰতিপন্ন কৰিলে বৃহস্পতিবাৰে৷ পঞ্চায়ত নিৰ্বাচনক ফলাফল ঘোষণা কৰাৰ পিছতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ফলাফল লৈ সন্তোষ প্ৰকাশ কৰি ব্যাপক হিংসাত নিহত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷
বৃহস্পতিবাৰে ঘোষণা কৰা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অনুসৰি তৃণমূল কংগ্ৰেছে গাঁও পঞ্চায়তৰ ১৯৯৫৭ খন আসন জয়ী হয়৷ আঞ্চলিক পঞ্চায়তত ৪৪৩০ আৰু জিলা পৰিষদত ৩৬০ খন আসনত জয়ী হয়৷ বিজেপিয়ে গাঁও পঞ্চায়তৰ ১৪৯০ খন আসনত, আঞ্চলিক পঞ্চায়তত ৯৫ আৰু জিলা পৰিষদত ২ খন আসনত জয়ী হয়৷ বাওঁ মৰ্চাই গাঁও পঞ্চায়তত ৫১৭১ খন, আঞ্চলিক পঞ্চায়তত ৩৮৫ আৰু জিলা পৰিষদত ২৩ খন আসনত জয়ী হয়৷
বাওঁ মৰ্চাই গাঁও পঞ্চায়তৰ ৯৫১ খন আসনত, আঞ্চলিক পঞ্চায়তত ৫২ আৰু জিলা পৰিষদত ২ খন আসনত জয়ী হয়৷ অন্যান্যই গাঁও পঞ্চায়তত ১৩৬৭ খন আসন, আঞ্চলিক পঞ্চায়তত ৩ খন আসনত জয়ী হয়৷
সাংবাদিকৰ মুখামুখি হৈ মমতাই কয় যে ইমান ডাঙৰ নিৰ্বাচন হৈছে আৰু সকলো আসনত নিৰ্বাচন অনুষ্ঠিত হৈছে৷ কিন্তু তাৰ ভিতৰত ৯০ শতাংশ আসন তৃণমূলে জয় লাভ কৰিছে৷ একাংশ মিডিয়াই নিৰ্বাচনৰ পূৰ্বেই অনাকাংক্ষতি ঘটনা সংঘটিত হ’ব বুলি থিৰাং কৰি পেলাইছিল৷ ঘটনাৰ পিছত যে আৰু ঘটনা থাকিব পাৰে সেই কথা ভাবি চোৱা নাছিল৷ ১৩ গৰাকী লোক নিহত হৈছে তাৰেই ১০ গৰাকী লোকেই তৃণমূলৰ কৰ্মী৷ এগৰাকী প্ৰিজাডিং বিষয়া নিহত হৈছে৷ তাৰ লগে লগে মিডিয়াই মোৰ ওপৰত অসন্মান কৰিছে সেয়া দূখজনক৷
ইমানে নহয় বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা মমতাই কয় যে বিজেপিয়ে ৰাজ্যৰ মাওবাদীৰ সৈতে লগলাগি কাম কৰিছে৷ সমগ্ৰ ৰাজ্য খনৰ সীমান্ত এলেকাত বিজেপিয়ে ভাল ফলাফল কৰিছে৷ এই কথাৰ দ্বাৰা আপোনালোকে বুজিব লাগিব৷ প্ৰচুৰ টকা আৰু অস্ত্ৰ ৰাজ্যত প্ৰৱেশ কৰাইছে৷ ভোটৰ দিনটোত বাংলাদেশী সোমাই আহি উত্তৰ দক্ষিণ ২৪ পৰগণাত বহু ঠাইত বিএছএফ সক্ৰিয় হৈছে সেই কথাও মই জানো৷ সামন্য অভিযোগ পোৱাৰ পিছতো আৰবুলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে৷
নিহত লোকসকলক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰি মমতাই কয় ভোট প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে এই সন্দৰ্ভত বিচাৰ কৰা হ’ব৷ ক্ষতিপূৰণ দিলে সকলোকে দিম৷ কোনো এজনক নহয়৷ প্ৰিজাইডিং বিষয়াৰ পৰিয়ালক সাক্ষাৎ কৰাটো আমাৰ দায়িত্ব৷ কংগ্ৰেছ, বিজেপি আৰু চিপিআইএমে লগ লাগি ৰাজ্যৰ পৰিস্থিতি বিঘ্নিত কৰিছে৷ ফলত কোনেও ভালকৈ কাম কৰিব পৰা নাই বুলি কয় মমতাই৷