
newsnextone.com | ওদালগুৰিঃ নাৰীক সম অধিকাৰ দিয়াৰ বাবে সময়ে সময়ে আন্দোলন পৰ্যন্ত হয়৷ নাৰীৰ অধিকাৰৰ বাবে চৰকাৰ-সামাজিক সংগঠনে অহৰহ কাম কৰি আহিছে৷ তথাপিও আমাৰ দেশ তথা ৰাজ্যত আজিও নাৰীয়ে হত্যাৰ বলি, ধৰ্ষণ, নিৰ্যাতন, ঘৰুৱা হিংসাৰ বলি হ’ব লগা হয়৷ তাৰ মাজতে এগৰাকী নাৰীয়ে ন্যায়ৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷
ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱৰ আব্দুৰ ৰহমানৰ কন্যা খাদিজা বেগমক স্বামী গৃহত অগ্নিদগ্ধ হোৱাৰ পিছত আৰক্ষীত এজাহাৰ দাছিল যদিও এমাহ উকলি গ’ল যদিও আজিলৈ ঘটনাৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে৷ মহিলাৰ পিতৃয়ে দৰং জিলাৰ দলগাঁও থানাত এজাহাৰ দাখিল কৰিছিল যদিও এমাহ পাৰ হৈ যোৱাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছে খোদ পৰিয়ালে।
জানিব পৰা মতে, ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱৰ আব্দুৰ ৰহমানৰ কন্যা খাদিজা বেগমে দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত সৰ্বসাৰা দৈপামগাঁৱৰ নুৰমহম্মদ আলীৰ পুত্ৰ ছাইদুৰ ৰহমানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ প্ৰায় দুই বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছৰে পৰা খাদিজাক যৌতুকৰ নামত এক বিঘা মাটি, এখন মটৰ চাইকেল আৰু ৩ লাখ টকা বিচাৰি বিভিন্ন সময়ত নিৰ্যাতন চলাইছিল বুলি স্বামী বিৰুদ্ধে অভিযোগ উত্থাপন কৰে পৰিয়ালে।
পিছত চলিত বৰ্ষৰ ৩ এপ্ৰিলত স্বামী গৃহত অগ্নিদগ্ধ হোৱা বুলি খবৰ লাভ কৰে পৰিয়ালবৰ্গই৷ লগ লগে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় খাদিজাক। ইতিমধ্যে প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হোৱা খাদিজা বেগমক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
ৰহস্যজনক অগ্নিকাণ্ডত সকলো হেৰাই খাদিজাই৷ অভিযোগ মতে খাদিজাক হত্যাৰ চেষ্টা চলোৱা হৈছিল৷ তাৰ পিছতে ঘটনাৰ ন্যায় বিচাৰি পিতৃ আব্দুৰ ৰহমানে বিগত ৮ এপ্ৰিলত দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছে পিতৃয়ে।
ঘটনাৰ তদন্তৰ অগ্ৰগতি সম্পৰ্কে জানিবলৈ কেইবাবাৰো আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে ওলোটাই পিতৃক ধমক দিয়াৰ অভিযোগ উত্থাপন কৰে। উপায়ন্তৰ হৈ মৃত্যুৰ ক্ষণ গণি থকা খাদিজা বেগমক ন্যায় দিবলৈ স্থানীয় দল-সংগঠনক অনুৰোধ জনাই পিতৃয়ে।