
newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানত শুকুৰবাৰে জংঘলত এগৰাকী প্ৰায় ১৬ বছৰীয়া কিশোৰী অচেতন অৱস্থাত উত্থাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামবৰ বনাঞ্চলৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ দাঁতিত কিশোৰীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি মটৰচাইকেলত অহা দুই যুৱকে কিশোৰীগৰাকীক পথৰ দাঁতিত পেলাই যোৱা বুলি জানিব পৰা গৈছে৷ বৰপথাৰ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি বোকাজান অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰে৷
চিকিৎসকে জানিবলৈ দিয়া মতে, কিশোৰীগৰাকীক বলাৎকাৰ কৰাৰ কোনো তথ্য পোৱা নাই যদিও নিচা জাতীয় দ্ৰৱ্য সেৱন কৰাৰ বাবে অচেতন অৱস্থাত আছে বুলি কয় কিশোৰীগৰাকী৷ যাৰ বাবে বৰ্তমানেও পোহৰলৈ অহা নাই সমগ্ৰ ঘটনা৷ বৰপথাৰ আৰক্ষীয়ে ইতিমধ্যে ঈশ্বৰ টেৰণ (২৪) নামৰ এজন যুৱকক আটক কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷