জন্মৰ পিছতে পলিথিনত ভৰাই বিক্ৰী কৰিবলৈ আনিলে নিজ কন্যাক

newsnextone.com | ডিজিটেল ডেস্কঃ নিজ কন্যাক বিক্ৰী কৰিবলৈ গৈ চিকিৎসকৰ হাতত ধৰা পৰিল এগৰাকী পিতৃ৷ দেশৰ চৰকাৰে ‘বেটী বচাও বেটী পঢ়াও’ শ্ল’গান দিয়াৰ সময়তে এগৰাকী পিতৃয়ে সদ্যজাত সন্তাক বিক্ৰী কৰিবলৈ গৈ ধৰা পৰে৷ সোমবাৰে পঞ্জাৱৰ মোহালি অসামৰিক চিকিৎসালয়ত এগৰাকী চিকিৎসকৰ ওচৰলৈ আহে যশপাল নামৰ লোকগৰাকীয়ে৷ 

সোমবাৰে দিনৰ দুই বজাত তেওঁৰ পত্নীয়ে এটি কন্যা সন্তান জন্ম দিয়া বুলি কৈ সন্তানটোক বিক্ৰী কৰিম বুলি কয়৷ কৰ্তব্যৰত চিকিৎসকজনে সন্তানটো ক’ত বুলি প্ৰশ্ন কৰাত যশপালে এটি পলিথিনত মেৰিয়াই অনা সন্তানটোক উলিয়াই দেখুৱাই৷ চিকিৎসকগৰাকীয়ে মানুহৰ জনৰ হাতৰ পৰা সন্তানটোক নি ততাতৈয়াকৈ চিকিৎসা আৰম্ভ কৰে৷ 

সেই সময়ত মৃত্যুৰ সৈতে যুঁজি আছিল সন্তানটোৱে৷ তাৰ লগে লগে চিকিৎসকগৰাকীয়ে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে চিকিৎসালয়ত উপস্থিত হৈ যশপালক গ্ৰেপ্তাৰ কৰে৷ জানিব পৰা মতে, যশপালে ৰিলায়েন্স কোম্পানীৰ গুডামঘৰত কাম কৰে৷ তেওঁৰ ৫ বছৰীয়া আৰু ১০ বছৰীয়া দুটি পুত্ৰ সন্তান আছে৷

সদ্যোজাত সন্তানক পলিথিনত ভৰাই বিক্ৰী কৰিবৰ বাবে ইফাল সিফাল ঘুৰি ফুৰি অৱশেষত চিকিৎসকৰ ওচৰলৈ আহি আৰক্ষীৰ হাতত ধৰে পৰে লোকজন৷ এগৰাকী চিকিৎসকে দিয়া খবৰৰ ভিত্তিত লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ জেৰাক লোকজনে প্ৰকাশ কৰা মতে, কন্যা সন্তানৰ বাবে নহয় পত্নীৰ চিকিৎসাৰ খৰছৰ বাবেহে নিজ সদ্যোজাত কন্যাক বিক্ৰীৰ বাবে চেষ্টা কৰিছিল বুলি কয়৷ পত্নীয়ে চিকিৎসাৰ খৰছৰ বাবে কন্যাক বিক্ৰী কৰাৰ আদেশ দিয়া বুলি কৈ আৰ্থিক অনাটনৰ বাবে আৰু পত্নীৰ ৰোগৰ চিকিৎসা কৰিবৰ বাবে নিজ কন্যাক বিক্ৰী কৰিব আনিছিল বুলি কয় লোকজনে৷