বিজেপি বিধায়ক কিশোৰে দিব লাগিব ভাৰতীয় হোৱাৰ প্ৰমাণ, ন্যায়াধিকৰণৰ নিৰ্দেশ

Newsnextone | কাছাৰঃ কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক কিশোৰ নাথে লাভ কৰিছে বিদেশী নাগৰিকত্ব বিশেষক ন্যায়াধিকৰণৰ নাগৰিকত্ব প্ৰমাণৰ জাননী৷ ন্যায়াধিকৰণে ‘সন্দেহযুক্ত নাগৰিক’ হোৱাৰ সন্দেহত বিধায়কগৰাকীৰ লগতে তেওঁৰ পৰিয়াললৈ জাননী প্ৰেৰণ কৰে৷ 

জাননীৰ জৰিয়তে বিধায়ক কিশোৰ নাথ, পত্নী নিলীমা নাথ আৰু বিধায়কগৰাকীৰ ৪ ভাতৃলৈ ন্যায়াধীকৰণৰ সন্মুখত উপস্থিত হৈ ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ দিবলৈ নিৰ্দেশ দিয়া হয়৷ 

আনহাতে, বিধায়কগৰাকীয়ে ‘সন্দেহযুক্ত নাগৰিক’ৰ সন্দেহত জাৰি কৰা জাননী সন্দৰ্ভত নিজকে প্ৰকৃত ভাৰতীয় বুলি দাবী কৰে৷ লগতে তেওঁ ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ দিবলৈ আদালতৰ দাৰস্থ হ’ব বুলিও মন্তব্য কৰে৷ 

বিজেপি বিধায়ক কিশোৰ নাথে তেওঁৰ ওপৰত ভাৰতীয় নাগৰিক নহয় বুলি কৰা সন্দেহ বিৰোধী কংগ্ৰেছৰ চক্ৰান্ত বুলি অভিযোগ উত্থাপন কৰে৷