২ লোকৰ হত্যাকাৰী ৰূপান্তৰ নহয় আলফাৰ সদস্য, জনালে আলফা স্বাধীনে

Newsnextone | তিনিচুকীয়াঃ নিৰাপত্তাহীনতাত ভূগিছে ৰাজ্যবাসী৷ মৃত্যু যেন এতিয়া তেনেই সহজ হৈ পৰিছে৷ মন গ’লেই কাৰোবাক হত্যা কৰিব পাৰি, মন গলেই পলাই যাব পাৰি৷ ৰাজ্যত সংঘটিত হোৱা হত্যাৰ ঘটনাসমূহে নিসন্দেহে আৰক্ষী-প্ৰশাসনৰ দুৰ্বলতাখিনি প্ৰকট কৰি তোলে৷ ৰাজ্যৰ পৰা দুস্কৃতি নাশ কৰাত ব্যৰ্থ হৈ পৰা প্ৰশাসনৰ দায়বদ্ধতাক লৈও সাধাৰণ মানুহৰ মনত প্ৰশ্নৰ উদয় হোৱা পৰিলক্ষিত হৈছে৷

শুকুৰবাৰৰ সন্ধিয়া প্ৰায় ৭.১৫ বজাত তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ ৰূপাই চাইডিঙত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত দুজনকৈ নিৰীহলোক ক্ৰমে জিৎ বাৰ্মা আৰু ৰমাকান্ত দেউৰী নামৰ প্ৰাণ হেৰুৱায়৷ 

ঘটনাৰ সবিশেষ অনুসৰি, সন্ধিয়া ৭:১৫ বজাত উদয় চন্দ্ৰ আগৰৱালা মালিকানাধীন দোকানখনত দুজন অচিনাক্ত ব্যক্তিয়ে প্ৰৱেশ কৰি পিষ্টল দেখুৱাই  টকাৰ বাকচৰ পৰা টকা উলিয়াব লওতেই দোকানখনৰ কৰ্মচাৰী জিৎ বাৰ্মাই এজন দুষ্কৃতিকাৰীক গবা মাৰি মাটিত বগৰাই দিয়ে৷

জিৎ বাৰ্মাই কৰা অতৰ্কিত আক্ৰমণত হতভম্ব হৈ দুস্কৃতিকাৰীজনে হাতত থকা ৯ এম এম পিষ্টলেৰে গুলীওৱাত জিৎ বাৰ্মাৰ মূৰ আৰু বুকুত গুলী লাগে৷ আনহাতে দোকানখনত উপস্থিত থকা হাঁহখিটিৰ ৰমাকান্ত দেউৰী নামৰ গ্ৰাহকজনৰ গাতো গুলী লগাত দোকানখনৰ কৰ্মচাৰী জিৎ বাৰ্মা আৰু গ্ৰাহক ৰামাকান্ত দেউৰী থিতাতে নিহত হয়৷ 

আনহাতে দোকানখন লুট কৰিবলৈ অহা আনজন দুস্কৃতিকাৰীয়ে ৰাইজৰ অন্যমনস্কতাৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়৷ আটকাধীন যুৱকজন বাঘজান জকাইচুকৰ ৰূপান্তৰ মৰাণ (২৫) আৰু পলাই যাবলৈ সক্ষম হোৱা জনৰ ৰণ্টু মৰাণ বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰে৷

ইপিনে যুৱক দুজন আলফা(স্বাঃ)ৰ সদস্য বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে এই অভিযোগ একেমুখে অস্বীকাৰ কৰিছে আলফা স্বাধীনে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফাৰ প্ৰচাৰ সদস্য ৰুমেল অসম স্বাক্ষৰিত এক পত্ৰত কয় যে ৰুপান্তৰ মৰাণ নামৰ কোনো যুৱক আলফা সংগঠত নাই আৰু আলফা স্বাধীন এই ঘটনাৰ সতে কোনোপধ্যেই জড়িত নহয়৷ 

আনহাতে ভুৱা আলফা সদস্য সন্দৰ্ভত মত ব্যক্ত কৰি কয় যে, উজনি অসমৰ তিনিচুকীয়া জিলাকে ধৰি বিভিন্ন প্ৰান্তত কিছুমান ভূৱা আলফাই ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যক্তিক আলফাৰ ভূৱা পেড ব্যৱহাৰ কৰি ধনদাবী কৰি অহা দৃষ্টিগোচৰ হৈছে৷ সেয়েহে তেনে কোনো অভিযোগ লাভ কৰিলে সত্যতা নিৰূপণ কৰি সংগঠনৰ ই-মেইলত যোগাযোগ কৰিবলৈ আহ্বান জনায়৷