
newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধান সহাৰ আস্থা ভোট অনুষ্ঠিত হোৱাৰ পূৰ্বেই ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই৷ তেওঁ তয় ‘‘মই গোটেই ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে দুবছৰ কাল ঘুৰিছো আৰু মানুহৰ চকুত দুখ-কষ্ট দেখিছো৷’’
তেওঁ আৰু কয় যে মানুহৰ পৰা পোৱা আদৰ-চেনেহ পাহৰিব নোৱাৰোঁ৷ ফ্ল’ৰ টেষ্টৰ পূৰ্বে য়েডিৰাপ্পাৰ আৱেগিক মন্তব্য৷ ‘জনগণে আমাক ১০৪ খন আসনেৰে কৃপাধন্য কৰিছে৷ এই জনাদেশ কংগ্ৰেছ কিম্বা জেডিএছৰ কাৰণে নাছিল৷’
জনগণে আমাক ১০৪ খন আসনৰ পৰিৱৰ্তে ১১৩ খন আসন দিয়াহেঁতেন এই ৰাজ্যখনক সৰগলৈ ৰূপান্তৰ কৰিব পাৰিলোঁহেঁতেন। লোকসভা নিৰ্বাচনত আমি কেউখন আসনেই লাভ কৰিম।