
newsnextone.com | গুৱাহাটীঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ অসমত উপস্থিত হোৱাৰ পূৰ্বেই কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় ২০০ নেতা-কৰ্মীক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে, নেডাৰ (North-East Democratic Alliance) এখন বিশেষ বৈঠক গুৱাহাটীৰ কলা ক্ষেত্ৰত অনুষ্ঠিত হ’ব আৰু সেই বৈঠকত অংশ লব অমিত শ্বাহে৷
নেডাৰ (North-East Democratic Alliance) সভাত অংশ লোৱাৰ উদ্দেশ্যে অসম ভ্ৰমণলৈ অহা অমিত শ্বাহে অসমত ভৰি দিয়া দিনটোক কলা দিৱস হিচাপে পালন কৰিবলৈ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘোষণা কৰিছিল৷ আনহাতে দিনৰ প্ৰায় ১১ বাজি ১০ মিনিটত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ কেইবাগৰাকী নেতাই আদৰণি জনায় শ্ৰীমন্ত কলাক্ষেত্ৰলৈ লৈ আহে শ্বাহক৷
পুৱাৰে পুৰা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলাক্ষেত্ৰত আৰু বৰঝাৰ বিমান বন্দৰত কলা পতাকা লৈ উপস্থিত হৈছিল৷ আৰক্ষীয়ে দুয়ো ঠাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে প্ৰতিবাদকাৰীক প্ৰথমে আতৰ কৰিব বিচাৰে৷ তাৰ লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰীক আটক কৰি গুৱাহাটীৰ বিভিন্ন আৰক্ষী থানাত আৱদ্ধ কৰে৷ আটক কৰা প্ৰতিবাদকাৰীৰ সংখ্যা এতিয়ালৈ ২০০ বুলি জানিব পৰা গৈছে যদিও সংখ্যা বৃদ্ধি হৈ আহিছে বুলি খবৰ আহিছে৷
কৃষক নেতা অখিল গগৈক কলাক্ষেত্ৰৰ সমীপৰ পৰা বহু কৃষক মুক্তিৰ নেতা-কৰ্মী সহ আটক কৰে৷ বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ৷
উত্তৰ পূৰ্বাঞ্চলৰ কংগ্ৰেছ বিৰোধি মুখ্যমন্ত্ৰীসকলৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ বিৰোধী দলৰ সৈতে মিত্ৰজোঁট গঢ়াৰ লক্ষ্যৰে শ্বাহে অসম ভ্ৰমণ কৰে বুলি জানিব পৰা গৈছে৷
আগন্তুক নিৰ্বাচন সন্দৰ্ভত বিশেষ ৰণকৌশল ৰচনা কৰিব বুলি প্ৰচাৰ আৰম্ভ হৈছে৷ শ্বাহে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ নেতা ৰাজ্যৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে সুকীয়াকৈ মিলিত হৈ শেহতীয়াকৈ অসমত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ খবৰ পোৱা গৈছে৷
আনহাতে ৰাজ্যৰ দুটাকৈ জাতীয়তাবাদী সংগঠনে শ্বাহৰ অসম ভ্ৰমণক লৈ সোচ্চাৰ হৈ পৰিছে৷ শনিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেৱল নিৰ্বাচনৰ বাবেহ শ্বাহে অসমলৈ আহিব বুলি কৈ এই ভ্ৰমণৰ বিৰোধিতা কৰে৷ আঞ্চলিক দল অগপক অমিত শ্বাহৰ সভালৈ নাযাবলৈ আহ্বান জনাই অখিল গগৈয়ে৷