আটাছুৰ প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে মৌনব্ৰত ধাৰণ কৰিছে কিয়, বিধেয়ক বাতিলৰ দাবীত নামতিত প্ৰতিবাদ

newsnextone.com | নামতিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ ভাৰত চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি শনিবাৰে শিৱসাগৰ জিলাত কেইবাটাও জাতীয় সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতিবাসীয়ে জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ সহযোগত উত্তাল প্রতিবাদী সাব্যস্ত কৰি অহাৰ লগতে শনিবাৰে জোঁৰ সমদল উলিয়াই। অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ, সমাজকৰ্মীৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা উপস্থিত থকা জোঁৰ সমদলত শ-শ লোকে অংশ লয়৷ নামতি ধেপৰ তিনি আলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ভাৰত চৰকাৰে জাতিধ্বংসী, নাগৰিকত্ব সংশোধনী বিধেয়ক প্রৱর্ত্তন কৰিবলৈ খোজাত আৰু ১৯৭১ চনৰ মাৰ্চ মাহৰ পিছত অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধীতা কৰে।

সভাত উপস্থিত থাকি জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতাসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি সংকট নামি অহাই নহয় সাম্প্ৰদায়িক সংঘাতৰো সৃষ্টি হ’ব বুলি মত প্ৰকাশ কৰে। ইয়াৰ পাছত প্রতিবাদী সভাত অংশ গ্রহণ কৰা বিশিষ্ট ব্যক্তিসকলে যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ সংকল্প গ্ৰহণ কৰে। 

ইফালে, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বসন্ত গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাক চক্রত পৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত মৌনব্ৰত ধাৰণ কৰি আহিছে বুলি কয়। বিজেপি চৰকাৰখনে যদি চোৰাং ভাবে অবৈধ বাংলাদেশীক অসমত সংস্থাপন দিয়ে, তেন্তে অসম জ্বলিব বুলি কয়। 

আনহাতে, সভাখনৰ পাছতে উপস্থিত সহস্ৰাধিক ৰাইজে হাতে হাতে জোঁৰ লৈ এক সমদল উলিয়াই জয় আই অসম, আহ অই আহ ওলাই আহ, খেদ অই খেদ বাংলাদেশী খেদ, এই জুই জ্বলিছে জ্বলিবই, নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰক বিজেপি চৰকাৰ হুচিয়াৰ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।