
newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিজেপিৰ মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই শনিবাৰে আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰাৰ ফলত কংগ্ৰেছ আৰু জেডিএছে কৰ্ণাটকত চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্ৰী হিচাপে শপত লব জেডিএছৰ মুৰব্বী কুমাৰস্বামীয়ে৷ শনিবাৰে য়েদুয়াৰাপ্পাই পদত্যাগ কৰাৰ পিছতে ৰাজ্যপাল ভেজুভাই বালাই কুমাৰস্বামীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়৷ শনিবাৰে ৭ বাজি ৩০ মিনিটত ৰাজ্যপালক সাক্ষাৎ কৰে কুমাৰস্বামীয়ে৷ বুধবাৰে দিনৰ ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত মুখ্যমন্ত্ৰী হিচাপে শপত লব কুমাৰস্বামীয়ে৷
শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে৷ কাক কাক অতিথি হিচাপে আমন্ত্ৰণ জনাব সেয়া ৰাজহুৱা কৰে কুমাৰস্বামীয়ে৷ দেশৰ সকলো আঞ্চলিক ৰাজনৈতিক দলক কুমাৰস্বামীয়ে আমন্ত্ৰণ জনাব৷ ইতিমধ্যে দেশৰ সৰু-বৰ সকলো দলকে আমন্ত্ৰণ জনোৱাৰ লগতে অসমৰ একমাত্ৰ আঞ্চলিক দল অগপৰ প্ৰতিষ্ঠাপক সভাপতি, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক আমন্ত্ৰণ জনায়৷ দেওবাৰে ফোনযোগে যোগাযোগ কৰে মহন্তৰ সৈতে জেডিএছ দলৰ মুৰব্বীয়ে আৰু শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়৷ প্ৰফুল্ল কুমাৰ মহন্ত কুমাৰস্বামীৰ পিতৃ এইচ ডি দেৱগৌড়াৰ ভাল বন্ধু৷
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰ শেখৰ ৰাও, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডু, বিএছপিৰ নেত্ৰী মায়াৱতী, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, ছোনীয়া গান্ধী, আৰজেডিৰ নেতা তেজস্বী যাদৱ সহ বহু নেতাৰ উপস্থিতিত কান্তভাৰা ষ্টেডিয়ামত শপত বাক্য পাঠ কৰিব কৰিব কুমাৰস্বামীয়ে৷ কৰ্ণাটকক শপত গ্ৰহণ অনুষ্ঠান নহয় বিজেপি বিৰোধী দলক একত্ৰিত কৰিবৰ বাবেহে মঞ্চ সাজু কৰাৰ দৰে হৈছে৷ শপত গ্ৰহণ অনুষ্ঠানত ৩-৪ লাখ লোক উপস্থিত থাকিব৷