
newsnextone.com | ডিব্ৰুগড়ঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷
তাৰ মাজতে বিধেয়কখনৰ বিৰুদ্ধে অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পুনাকন বৰুৱাৰ নেতৃত্বত চাবুৱা সমষ্টিৰ ডিকম টাউনত গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ন কৰে৷
চাবুৱা সমষ্টিৰ সভাপতি নিপুল কোঁৱৰে জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল অাৰু নৰেন্দ্ৰ মোডীক ধিক্কাৰ দিয়াৰ লগতে শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰ লগতে মোডী চৰকাৰক দাবী জনায়৷
কাৰ্যসূচীত অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিবাহক প্ৰভাত চাহু, মটক যুৱ-ছাত্র পৰিষদৰ সভাপতি যুগল বৰুৱা, আমছুৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা চফি আলম খান, সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া, শিল্পী দিগন্ত গোহাঁই, সমাজকৰ্মী ৰমেশ গোহাঁই, অঞ্জলী গগৈ লগতে ডিকম অঞ্চলৰ গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে৷