গামোচাত হাত থৈ ললে শপত, কাৰ্বি ভূমিৰ পৰা আৰম্ভ হ’ব অসমৰ ৰক্ষাৰ সংগ্ৰাম

newsnextone.com | বোকাজানঃ কাৰ্বি আংলং জিলাৰ যুৱক-যুৱতী-মহিলাই গামোচাত হাত থৈ শপত ললে অসমক ৰক্ষা কৰাৰ৷ অসমক আমি ৰক্ষা কৰিম৷ আমি অসমত ভাল পাওঁ, অসম আমাৰ আবেগ, অনুভূতি বুলি কৈ সকলোৱে অসমীয়াৰ জাতীয় প্ৰতীক স্বৰূপ গামোচাত হাত থৈ আবেগিক হৈ পৰিল কাৰ্বি ভূমিৰ থলুৱাৰ সন্তান৷

দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ অধিনৰ পাৰখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত এখন বিশেষ সভা অনুষ্ঠিত হয়৷ অসমৰ শেহতীয়া পৰিস্থিতি আৰু অসমৰ থলুৱাৰ ভাষা, সংস্কৃতি ৰক্ষা কৰাৰ বাবে বিশদ ভাবে আলোচনা কৰা হয় সভাত৷ 

সভাত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক প্ৰহ্লাদ বৰাই উপস্থিত থাকি আমাৰ অস্তিত্ব আমি অসমীয়াই নিজেই ৰক্ষা কৰিব লাগিব বুলি কয়৷ চুবুৰীয়া দেশৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ, চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসান ৰোধ কৰিব লাগিলে অসমৰ থলুৱা একত্ৰিত হৈ থকাবি লাগিব৷ 

আজি অসমীয়া জাতিক সংকটৰ মুহূৰ্তলৈ ঠেলি দিব খুজিছে বিজেপিয়ে৷ আমি মাৰবান্ধি থিয় দিব লাগিব৷ অন্যথাই এদিন আমি নিজৰ মাটিতে নিজৰ ঘৰতে ভগনীয়া হ’ব লাগিব বুলি কয় প্ৰহ্লাদ বৰাই৷ এই সংগ্ৰম কাৰ্বি ভূমিৰ পৰা আৰম্ভ কৰিব লাগিব বুলি কৈ সকলোকে সজাগ হ’বলৈ আহ্বান জনায়৷

উৰ্দ্ধগাঁও প্ৰাথমিক বিদ্যালয়ৰ কক্ষত প্ৰহ্লাদ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত এখন শাখা সমিতি গঠন কৰা হয়৷ যতীন বৰাক সভাপতি, ৰিণ্টু বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ ২৭ জনীয়া উৰ্দ্ধগাঁও শাখা সমিতিখন গঠন কৰা হয়৷ 

সভাত পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক অপূৰ্ব দাস, সাংগঠনিক সম্পাদক মৌচুম প্ৰতিম দাস, প্ৰচাৰ সম্পাদক দ্বিপন ভৰালী উপস্থিত থকাৰ লগতে পাৰখোৱা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল মেচ, বকলীয়াঘাট আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ দাস, সাধাৰণ সম্পাদক অক্ষয় কোচৰ উপৰি আন আন বিষয়-ববীয়াও উপস্থিত থাকে৷