২৫ মে’ত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

internet

newsnextone.com | গুৱাহাটীঃ ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ৷ আৰু মাত্ৰ চাৰিদিন পিছতে ঘোষণা কৰা হ’ব শিক্ষা জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল৷ 

সোমবাৰে ছেবাৰ সচিব প্ৰবীণ শৰ্মাই সংবাদ মাধ্যমৰ আগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত কয় যে অহা ২৫ মে’ অৰ্থাৎ শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰিব৷ 

ছাত্ৰ-ছাত্ৰীসকলে ফলাফল ঘোষণা কৰাৰ দিনাই মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট সমূহ লাভ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে ছেবাৰ সচিব গৰাকীয়ে৷ আনহাতে ছেবাৰ নিজা ৱেবচাইটত ফলাফল সমূহ পুৱা ৯ বজাৰ পৰাই উপলব্ধ হ’ব বুলিও কয় প্ৰবীণ শৰ্মাই৷