নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তেজপুৰত সাংবাদিকৰ প্ৰতিবাদ

newsnextone.com | তেজপুৰঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ মুঠৰ ওপৰত কোনেও বাদ পৰা নাই৷ অসমৰ দল-সংগঠন, শিল্পী সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজ পথলৈ ওলাই আহিছে৷ যেন অসম আন্দোলনৰ সেই সময় চোৱাহে৷ 

সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহি গৰজি উঠিছে ৰাইজে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে তেজপুৰত শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ আহ্বানত প্ৰায় সহস্ৰাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰতিবাদকাৰীয়ে তেজপুৰৰ আদালত চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰি ‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ’, ‘বিজেপি গ’ বেক’, ‘নৰেন্দ্ৰ মোডী হুচিয়াৰ’, ‘বিজেপি চৰকাৰ হুচিয়াৰ’ আদি প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ জনায়। 

প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই ক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি অতি শীঘ্ৰে অসম চৰকাৰক এই বিতৰ্কিত বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়।