গোৰেশ্বৰত মুখ্যমন্ত্রীৰ প্ৰতিকৃতি দাহ এছএফআইৰ, পঞ্চায়ত নিযুক্তি পৰীক্ষাৰ চিবিআই তদন্ত দাবী

newsnextone.com | গোৰেশ্বৰঃ দেওবাৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰাজ্যজুৰি অনুষ্ঠিত কৰা কেইবাটাও পদৰ পৰীক্ষাত ব্যাপক হাৰত প্ৰশ্নকাকত হোৱাটছএপ যোগে ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল৷ অভিযোগ উত্থাপন হোৱাৰ পিছতে একাংশ দল সংগঠনে পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছিল৷ 

অভিযোগ মতে, পৰীক্ষা আৰম্ভ হোৱাৰ এঘণ্টা মান পিছৰে পৰা প্ৰশ্নকাকত হোৱাটছএপ যোগে পৰীক্ষা কেন্দ্ৰৰ বাহিৰ হ'বলৈ ধৰে। এইখিনিতে সচেতন যুৱচামে ছ'চিয়েল মিডিয়াযোগে স্বচ্ছ আৰু দক্ষ ব্যৱস্থাৰ কথা কৈ অহা আৰু যোগ্যজনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি অহা অসম চৰকাৰৰ পৰীক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলে৷ 

তদুপৰি বিভাগটোৰ দক্ষতা আৰু বিশ্বাসযোগ্যতাক লৈও ব্যাপক চৰ্চা আৰম্ভ হৈছিল৷ ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে সোমবাৰে সংবাদ মাধ্যমৰ মুখামুখী হয় বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলৈয়ে৷ 

উল্লেখ্য যে, সম্প্ৰসাৰণ বিষয়া, কনিষ্ঠ সহায়ক, গ্ৰাম সেৱক-সেৱিকা, কৰ সংগ্ৰাহক, পঞ্চায়ত সচিবকে ধৰি মুঠ ৯৪৫ টা পদৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেওবাৰে ১ বাজি ৩০ মিনিটত পৰীক্ষা অনুষ্ঠিত হৈছিল৷ 

ইফালে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি পৰীক্ষাত ব্যাপক খেলিমেলিৰ প্ৰতিবাদত ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলা পৰিলক্ষিত হৈছে৷ মঙলবাৰে বাগসা জিলাৰ গোৰেশ্বৰত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্রী সৰ্বানন্দ সেনোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৯৪৫ টা পদৰ বাবে বিভাগটোৱে অনুষ্ঠিত কৰা পৰীক্ষা এটাও সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে বুলি অভিযোগ উত্থাপন কৰে এছএফআই-য়ে। 

প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনটোৱে গোৰেশ্বৰ মুখ্য চ’কত চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ পৰীক্ষাত সংঘটিত হোৱা বিসংগতিৰ চিবিআইৰ তদন্ত দাবী কৰাৰ লগতে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰো পোষকতা কৰে গোৰেশ্বৰ ছাত্ৰ সংগঠনটোৱে।