
newsnextone.com | নগাঁওঃ ৰাজ্যত বিভিন্ন প্ৰান্ত গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠীন সমূহে চৰকাৰী শিক্ষা ব্যৱস্থাক প্ৰত্যাহ্বান জনাই বহুজাতিক কোম্পানীৰ দৰে বিশেষ ব্যৱস্থা তথা অফাৰ দিয়াৰ কথা পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বৰে পৰা ব্যাপক হাৰত প্ৰচাৰ প্ৰসাৰ চলাই৷ বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ পৰা আৰম্ভ কৰি প্ৰচাৰ পত্ৰ, বেনাৰ-পোষ্টাৰ হৰ্ডিং আঁৰি ব্যাপক প্ৰচাৰ চলাই৷ সম্প্ৰতি ৰাজ্যৰ বিভি্নন প্ৰান্তৰ লগতে নগাঁও জিলাত একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ব্যাপক হাৰত ব্যক্তগত খণ্ডৰ বিদ্যালয়ৰ প্ৰচাৰৰ নামত অঘোষিচত যুদ্ধ চলাই থকা দেখা গৈছে৷
উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ নামভৰ্তিক কেন্দ্ৰ কৰি যধে-মধে গঢ় লৈ উঠা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানবোৰৰ মাজত চলা অঘোষিত প্ৰতিযোগিতাই ব্যাপক চাঞ্চল্যৰো সৃষ্টি কৰিছে৷ নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত শিক্ষা বিভাগৰ নীতি-নিয়মক একপ্ৰকাৰে উপলুঙা কৰি পবিত্ৰ শিক্ষা ব্যৱস্থাক ব্যৱসায়কৰণেৰে এক সুবিধাবাদী চক্ৰই কাঠফুলাৰ দৰে গঢ়ি তোলা শিক্ষানুষ্ঠানবোৰে নানা বিজ্ঞাপন প্ৰকাশ কৰি অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীক সহজে আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷
বিগত কেইবছৰমানৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাই অহাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি একাংশ ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয় অথবা জুনিয়ৰ কলেজ নামধাৰী শিক্ষানুষ্ঠানে যোৱা বৰ্ষবোৰৰ দৰেই এইবাৰো মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা নোহোৱাকৈয়েই শিক্ষাৰ্থীসকলক নিজৰ নিজৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাবৰ বাবে চিনেমাৰ প্ৰচাৰৰ দৰে প্ৰচাৰ কৰাৰ পৰিলক্ষিত হৈছে৷ বিভিন্ন কৌশলেৰে ব্যাপক তৎপৰতাৰে নিজৰ শিক্ষানুষ্ঠানৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে জিলাখনৰ অতি ব্যস্ততাপূৰ্ণ ৰাজহুৱা স্থানবোৰত বৃহৎ বৃহৎ হ’ৰ্ডিং লগোৱা পৰিলক্ষিত হৈছে৷
বেনাৰ-পোষ্টাৰ আদি আঁৰাৰ লগতে বহুতে আকৌ সৰু সৰু গোহাৰি পত্ৰ ছপা কৰি এইবোৰত তথাকথিত শিক্ষাদানৰ সকলো সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি, বিগত বৰ্ষত নিজৰ শিক্ষানুষ্ঠানৰ পৰা সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ তথ্য, শিক্ষাদান কৰোতা শিক্ষকৰ অভিজ্ঞতা আদি লিপিবদ্ধ কৰাৰ বিপৰীতে আন একাংশই বাতৰি কাকতৰ ভিতৰত শিক্ষাৰ্থীক অধ্যয়ণৰ কালছোৱাত শিক্ষানুষ্ঠানৰ পৰা পৰ্যাপ্ত সা-সুবিধা প্ৰদান আৰু বিনামূলীয়া নিৰীক্ষণৰ ব্যৱস্থা সম্পৰ্কীয় নানা বিষয় সন্নিবিষ্ট কৰি পত্ৰ প্ৰেৰণ কৰি প্ৰতিখন শিক্ষানুষ্ঠানৰ বিজ্ঞাপনেৰে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক প্ৰলোভন দিয়াৰ চেষ্টা চলাই আহিছে ৷
যাৰ পৰিণতিত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে স্বাভাবিকতেই কোনখনত নামভৰ্তি কৰিব তাক লৈ বিভ্ৰান্তিৰ সন্মুখীন হৈছে৷ ইফালে, খোদ নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত থকা প্ৰায় তিনি শতাধিক এনে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে শিক্ষা বিভাগৰ বাধ্যতামূলক নীতি-নিৰ্দেশনা প্ৰায়েই উলংঘা কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি, প্ৰয়োজনীয় আন্তঃগাঁথনি নথকাকৈ আৰু বিভাগীয় নীতি-নিয়মক আওকাণ কৰি এই শিক্ষানুষ্ঠানবোৰৰ অধিকাংশই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এক অসাধু চক্ৰৰ সৈতে গোপন বুজাবুজিৰে অবৈধভাবে শিক্ষা সংসদৰ অনুমতি লাভ কৰিছে৷
যাৰ ফলশ্ৰুতিত জিলাখনৰ সৰহখিনি কনিষ্ঠ মহাবিদ্যালয় নতুবা জুনিয়ৰ কলেজ আজিৰ তাৰিখতো চলি আছে নিজা শ্ৰেণীকোঠা আৰু চৌহদ অবিহনে কেৱল ভাৰাতীয়া গৃহতে৷ আনহাতে, একাংশ শিক্ষানুষ্ঠানে বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ব্যৱহাৰিক পাঠদানৰ নামত অধিক সা-সুবিধা প্ৰদান কৰাৰ ভুৱা আশ্বাসেৰে অবাধে অধিক হাৰত ছাত্ৰ-ছাত্ৰীৰ পৰা ভক্তি মাচুল আদায় কৰি অহাৰ আন এক অভিযোগ উঠিছে৷ আনকি অধিকাংশ বিজ্ঞান শাখা থকা জুনিয়ৰ কলেজৰ নিজাকৈ সুবিধাজনক পৰীক্ষাগাৰ নথকাত বহু সময়ত ছাত্ৰ-ছাত্ৰীসকল অভাৱনীয় সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে৷
গতিকে শিক্ষাক বাণিজ্যিকীকৰণ কৰি শিক্ষাৰ নামত একমাত্ৰ ধন ঘটাৰ ঘৃণনীয় লক্ষ্যৰে হেতালি খেলি ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষাৰ পৰা বঞ্চিত কৰি শিক্ষাৰ অবৈধ বেহা চলাই থকা নগাঁও জিলাৰ ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয় নতুবা জুনিয়ৰ কলেজ নামৰ শিক্ষানুষ্ঠানবোৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা আজিকোপতি সংশ্লিষ্ট বিভাগটোয়ে গ্ৰহন নকৰাত বৌদ্ধিক মহলে চৰম আশ্চৰ্য প্ৰকাশ কৰিছে৷ এইক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্বভাৰ শেহতীয়াভাৱে নতুনকৈ গ্ৰহণ কৰা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষাৰ নামত চলি থকা এনে বেহা ৰোধ কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়৷