
newsnextone.com | গুৱাহাটীঃ চাওতে চাওতে দুবছৰ অতিক্ৰম কৰিলে পৰিৱৰ্তনৰ শ্ল’গান দি ৰাজ্যৰ শাসন দখল কৰা সৰ্বানন্দ সোণোৱালৰ চৰকাৰে৷ কিন্তু কি পৰিৱৰ্তন হৈছে, কি নতুনত্ব আহিছে ৰাজ্যত সেয়া ৰাজ্যবাসীয়ে নিশ্চয় প্ৰত্যক্ষ কৰিছে৷
Our policy of zero tolerance towards terrorism, extremism and crime has resulted in drastic reduction in number of insurgency incidents in the last two years. The law & order situation in the State has improved significantly: CM
— Chief Minister Assam (@CMOfficeAssam) May 24, 2018
দুটা বছৰতে মূল্য বৃদ্ধিৰ পৰা বাংলাদেশীক সংস্থাপন দিয়াৰ স্বাৰ্থত চুক্তি স্বাক্ষৰ কৰা আদি বিভিন্ন সমস্যাই জুৰুলা কৰিলে অসমবাসীক৷ এখন দুৰ্নীতিমুক্ত অসমৰ আশাত দুবছৰ আগতে বিজেপিক ভোট দি জয়যুক্ত কৰিছিল অসমবাসীয়ে৷ জাতীয় নায়ক আখ্যা পোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা বহু কিবাই আশা কৰিছিল অসমৰ খিলঞ্জীয়া লোকসকলে৷ কিন্তু কি পালে বা কি নাপালে, সেয়া এতিয়াও হিচাপৰ তৰজুত দোদুল্যমান৷ কিয়নো এতিয়াও চৰকাৰ খনৰ ৩টা বছৰ বাকী আছেই৷
This govt believes in holistic development of villages. We have launched CMSGUY to double the income of farmers by 2022. Also, 32.58 lakh households have been provided employment under MGNREGA and 948.59 man days have been generated under the same: CM pic.twitter.com/HqWJzevaSy
— Chief Minister Assam (@CMOfficeAssam) May 24, 2018
ৰাজ্যৰ এফালে পৰিৱৰ্তনকামী চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাই ৰাইজে প্ৰতিদিনে প্ৰতিবাদৰ উজান উঠা পৰিলক্ষিত হৈছে৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত চৰকাৰখনে উন্নয়নৰ ‘উ’টোকে নকৰা বুলি অভিযোগ উত্থাপন হৈ অহাত ৰাজ্যবাসীয়ে বিজেপিক ৰাজ গাদীত অধিষ্ঠিত কৰি উন্নয়নৰ মুখ চোৱাৰ হেঁপাহ পুহি ৰাখিছিল যদিও উন্নয়নৰ নামত ৰাইজে পুনৰ মুখ থেকেচা খোৱা বুলি চৰ্চা আৰম্ভ হৈছে৷
Held for the first time this year, @AdvantageAssam - Global Investors Summit was graced by PM of Bhutan & Ministers from Myanmar, Laos, Cambodia, Bangladesh & Bhutan along with delegates from 20 countries. The summit dispelled doubts and put Assam on global business platform: CM pic.twitter.com/Y7mVOCG5NG
— Chief Minister Assam (@CMOfficeAssam) May 24, 2018
গ্ৰাম্য এলেকাত বিশুদ্ধ খোৱাপানী, গৰা খহনীয়া ৰোধ, বানপানীত ক্ষতিগ্ৰস্থক পুনৰ সংস্থাপন, বিদেশী বিতাৰণ, সীমান্ত ছীল, ৰাস্তা-ঘাট নিৰ্মাণ, স্কুল-কলেজৰ আন্তঃগাঁথনিৰ উন্নয়ন, শিক্ষা ব্যৱস্থাৰ পৰা স্বাস্থ্য খণ্ডলৈ, গ্ৰাম্য উন্নয়নৰ পৰা দুৰ্নীতি মুক্ত অসমলৈ একোৱে পৰিৱৰ্তন নোহোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ৰাজ্যবাসীয়ে৷
Under the visionary guidance of PM Shri @narendramodi, #Northeast has emerged from the periphery to be New Engine of India’s economic growth. Today, Assam is leading in attracting investments & redrawing the map of #SEAsian connectivity, making it India’s expressway to ASEAN: CM pic.twitter.com/dA7TVq9bBP
— Chief Minister Assam (@CMOfficeAssam) May 24, 2018
চৰকাৰৰ কৰ্মকাণ্ডক লৈ ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদৰ বতাহ বলি থকাৰ সময়তে চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকালৰ কৰ্মৰ খাতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে৷ বৃহস্পতিবাৰে ৰাজ্য চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূতি উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খানাপাৰাত এখন সংবাদমেল আয়োজন কৰে৷ সংবাদমেলত চৰকাৰখনে ৰাজ্যখনত কি কি পৰিৱৰ্তন সাধন কৰিলে, অথৱা কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনে সম্পূৰ্ণ নকৰা কি কি উল্লেখযোগ্য কাম বিজেপিৰ চৰকাৰখনে সম্পন্ন কৰে, সেই বিষয়ে উল্লেখ কৰি একপ্ৰকাৰ বৰঢোল কোবালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
We have delivered on our promise of good governance through a transparent system. Abolishing illegal check gates, oral interviews in Grade III & IV and introduction of digital payments in Govt transactions has led to huge increase in revenue collection and expenditure: CM pic.twitter.com/X0VrM9yasp
— Chief Minister Assam (@CMOfficeAssam) May 24, 2018
ৰাইজৰ সহযোগত দুটা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনে শপত গ্ৰহণৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত শাসনৰ প্ৰতি ৰাইজৰ হেৰাই যোৱা আস্থা বিজেপিয়ে ঘুৰাই আনিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি সোণৱালে কয় যে বিজেপিয়ে প্ৰতিটো কাম স্বচ্ছ আৰু নিকা ভাৱেই কৰি আহিছে৷
I thank the media for keeping a constant watch on the works of the Govt and helping us fight against corruption. Every media report on corruption has been promptly inquired into and action taken accordingly: CM pic.twitter.com/XdEaR3ro1F
— Chief Minister Assam (@CMOfficeAssam) May 24, 2018
আনহাতে দুৰ্নীতি আঁতৰ নহ’লে কোনো কামেই মৰ্যাদা সহকাৰে কৰা অসম্ভৱ বুলি কৈ সোণোৱালে কয় যে বিজেপিৰ দুবছৰীয়া শাসন কালত ৰাজ্যৰ পৰা দুৰ্নীতি সম্পূৰ্ণ ৰূপে নাশ হৈছে৷ কংগ্ৰেছক বাৰে বাৰে উভতি ধৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত দুৰ্নীতিৰ বাবে জনতাই বিভিন্ন চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছিল বুলি মন্তব্য কৰি এতিয়া সেই দিন নাই বুলি কয়৷
In the last 2 years our Government has given appointment to about 45,000 youths in both regular and contractual posts through a transparent process and not a single allegation of corruption has been raised against those appointments: CM pic.twitter.com/YPUCWOSgrl
— Chief Minister Assam (@CMOfficeAssam) May 24, 2018
অসমৰ আন্দোলনৰ পিছৰে পৰা অসমৰ ৰাইজে বাৰে বাৰে ভাৰত-বাংলা সীমান্তৰ বেৰ নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও মুখ্যমন্ত্ৰীয়ে দুবছৰীয়া কাৰ্যকালৰ পাৰ হৈ আহিছে৷ অহা ডিচেম্বৰ মাহত ভাৰত-বাংলাদেশ সীমান্ত ছীল্ড কৰাৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷ অসমীয়া জাতিক সুৰক্ষিত কৰাৰ তেওঁলোকৰ কৰ্তব্য বুলি কয়৷ অসমৰ ৰাইজে যিহেতু জাতিক সুৰক্ষিত কৰিবৰ বাবে এই খন চৰকাৰ গঠন কৰিছে৷ ৰাইজে বিচৰা মতেই চৰকাৰে কাম কৰি যাব বুলি কয় সোণোৱালে৷
CID has also registered 7 corruption related cases and in the process arrested 15 Govt officials and public servants. This has sent a strong message that this Govt is not going to tolerate corruption: CM pic.twitter.com/BTf8X2LoyE
— Chief Minister Assam (@CMOfficeAssam) May 24, 2018
এডভাণ্টেজ অসমৰ জৰিয়তে অসমলৈ বিনিয়োগকাৰী আহিব বুলি কৈ যাৰ দ্বাৰা অসমত সংস্থাপন বৃদ্ধি হ’ব বুলি কয়৷ তাৰ লগে লগে অসমৰ ৰাজহ সংগ্ৰহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰে সফলতা লাভ কৰা বুলি কয়৷ আবকাৰী বিভাগে ৪১ শতাংশ, পৰিবহণ বিভাগে ৪৯ শতাংশ, বন বিভাগে ২৩ শতাংশ আৰু GSTত প্ৰায় ১৫.৩৩ শতাংশ ৰাজহ বৃদ্ধি পােৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ ইমানে নহয় অসমৰ উন্নয়নৰ গতি ত্বৰান্বিত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে গৌৰৱেৰে ঘোষণা কৰে৷
74 Govt officials were arrested including 2 serving IAS officers and 1 retired IAS officer. In the APSC scam, besides the Chairman and 2 Members, 19 ACS officers, 7 APS officers, 11 allied service officers and 4 other employees have been arrested so far: CM
— Chief Minister Assam (@CMOfficeAssam) May 24, 2018
ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নয়ন হোৱা বুলি কৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও উদাহৰণ দাঙি ধৰে৷ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া নামভৰ্তি, স্কলাৰশ্বিপ আদি সুবিধা দিয়া বুলি কয়৷ চৰকাৰখনে শিক্ষা বিভাগটোত উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ চৰকাৰখনে দুটা বছৰত স্বাস্থ্য খণ্ডতো সফলতা লাভ কৰা বুলি কয়৷ দিল্লীৰ চৰকাৰে ৰূপায়ন কৰা অটল অমৃত যোঁজনাৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে সফলতাৰ জয়গান গায়৷ মুখ্যমন্ত্ৰীয়ে পূৰ্বে বাৰে বাৰে কোৱাৰ দৰে অসমক দেশৰ ভিতৰতে এখন উন্নত-শ্ৰেষ্ঠ ৰাজ্য হিচপে গঢ় দিয়াৰ বাবে বিজেপি চৰকাৰখনে প্ৰয়াস চলাই গৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷
Our policy of zero tolerance to corruption over the last two years have restored public faith on the Govt. Arrest of senior officials including serving IAS officers not only validate our stand but has turned the state machinery into an efficient delivery system: CM pic.twitter.com/62wfymZGmG
— Chief Minister Assam (@CMOfficeAssam) May 24, 2018
গুণোৎসৱৰ কথা উল্লেখ কৰি শিক্ষাৰ মান উন্নত কৰাৰ বাবে গুণোৎসৱৰ ব্যৱস্থা কৰা বুলি কা ইয়াৰ দ্বাৰা অসমৰ শিক্ষাৰ মান আৰু অধিক উন্নয়ন হ’ব বুলি কয়৷ ৰাজ্য চৰকাৰে ব্যাপক প্ৰতিবাদৰ মাজতে দীনদয়াল উপাধ্যায়ৰ নামত ৰাজ্যত স্থাপন কৰা মহাবিদ্যালয়ৰ কথা উল্লেখ কৰি ৫ খন মহাবিদ্যালয় স্থাপন কৰা বুলিকয়৷ যাৰ দ্বাৰা শিক্ষাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি কয়৷ লক্ষিমপুৰ, বৰপেটা, হোজাইত বিশ্ববিদ্যালয় স্থাপন, মাজুলিত সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা আৰু ৬ খন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ বাবে যোঁজা কৰি থকাৰ বিষয়টোৱে শিক্ষা জগতত অসমে অভূতপূৰ্ব উন্নয়ন সাধন কৰিছে বুলি খোদ দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
CM Shri @sarbanandsonwal addressing the media persons on occasion of the second anniversary of the Assam Government. pic.twitter.com/EK2Dkj3wiA
— Chief Minister Assam (@CMOfficeAssam) May 24, 2018
আনফালে এটা সময়ত অসমৰ মানুহে থানালৈ যাবলৈ ভয় কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰি বিজেপিৰ কাৰ্যকালত অসম আৰক্ষীৰ সংস্কাৰ হোৱা বুলি কৈ আৰক্ষীক ৰাইজৰ সহায়কাৰী আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে৷ এতিয়া যিকোনো লোকেই আৰক্ষী থানালৈ গৈ অভিযোগ দাখিল কৰিব পাৰে বুলি কয়৷ এইখন চৰকাৰৰ দিনত সকলো মৌলিক অধিকাৰ জনতাই ভোগ কৰিবলৈ সক্ষম হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায়৷
আনহাতে সংবাদমেলত পূৰ্বৰ তুলনাত কাজিৰঙাত গঁড় হত্যা হ্ৰাস পাইছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ কাজিৰঙাৰ বেদখল উচ্ছেদ কৰি জীৱ-জন্তুৰ বাবে এক সুস্থ পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰতো চৰকাৰ সফল হৈছে বুলি তেওঁ ব্যক্ত কৰে৷
ৰাজ্যত ব্যাপক আন্দোলন অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদ লক্ষ্য কৰিয় কয় যে বিদশীমুক্ত অসমৰ বাবে এনআৰচিৰ কাম আৰম্ভ কৰা হৈছে কিছুদিন পিছত সম্পূৰ্ণ খছৰা ওলাব বুলি কয়৷ অসমৰ বাবে এক ডাঙৰ সফলতা আখ্যা দি দেশৰ কোনো ৰাজ্যতে এনআৰচিৰ কাম হোৱা নাই বুলি কয় সোণোৱালে৷
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ একো কথা উল্লেথ নকৰিলে৷ চৰকাৰ কেৱল জনতাৰ সেৱাৰ বাবেই বুলি দায়সৰা মন্তব্য প্ৰকাশ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট নকৰিলে মুখ্যমন্ত্ৰীয়ে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজে চিন্তা কৰিব নালাগে বুলি কৈ অহা ৩০ জুনলৈকে অসমবাসীক অপেক্ষা কৰিবলৈহে আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে৷
চৰকাৰে অসমীয়াৰ স্বাভিমানত আঘাত হানিব পৰা কোনো সিদ্ধান্তই গ্ৰহণ নকৰে বুলি কৈ নাগৰিকত্ব ৰাজ্যৰ দল-সংগঠনসমূহৰ সৈতে তেওঁ আলোচনাত মিলিত হ’ব বুলিও মন্তব্য আগবঢ়ায়৷
উল্লেখ্য যে, অসম চৰকাৰৰ দুবছৰীয়া বৰ্ষপুতি উপলক্ষে মুখ্যমন্ত্ৰীয়ে সংবাদমেল আয়োজন কৰি চৰকাৰখনৰ কৰ্মৰাজিৰ খাতিয়ান দাঙি ধৰাৰ মাজতে সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় চৰকাৰ আৰু নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা পৰিলক্ষিত হয়৷ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাকৰ কথা উল্লেখ কৰি ৰাজ্যৰ বাবে আৰু ৰাজ্যখনৰ সম্পদৰ বাবে সম্ভাৱনা কঢ়িয়াই অনা বুলি কয়৷
ৰাজ্যত চৌদিশে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ফটাঢোল বজালে যদিও গ্ৰাম্য এলেকাৰ লোকেহে কৰিব পাৰিব সঁচাকৈ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অসমৰ উন্নয়ন হৈছেনে৷
বৃহৎ নদীবান্ধ, তৈল খাদ নিলাম, হিন্দু বাংলাদেশী সংস্থাপন, ব্ৰহ্মপুত্ৰ খনন, ধৰ্ষণ কাণ্ড, বান পানীক ৰাষ্ট্ৰীয় সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, গৰাখহনীয়া ৰোধ কৰা. নৈ পাৰত তম্বুৰ তলত বাস কৰি থকা অসমীয়াক একঠা মাটি দিয়া, ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, বাংলাদেশী বহিষ্কাৰ, ৰাজ্যৰ কেইবাটাও ৰাজহুৱা উদ্যোগ বন্ধ হৈ আছে যদিও মুখ্যমন্ত্ৰীয়ে একো কোৱা পৰিলক্ষিত নহ’ল৷
দুবছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰি ‘পৰিৱৰ্তন’ নামৰ এখন পুস্তিকা প্ৰকাশ কৰে সোণোৱাল চৰকাৰে৷ পুস্তিকা উন্মোচন অনুষ্ঠান আৰু সংবাদমেলত মুখ্যমন্ত্ৰীৰ সৈতে বিজেপি মিত্ৰ জোঁটৰ সংগী অগপৰ সভাপতি অতুল বৰা আৰু বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী উপস্থিত থাকে৷