চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে আদালতৰ দ্বাৰস্থ হ’ব আছু

newsnextone.com | নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব বুলি হুংকাৰ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মণি মাধৱ মহন্তই। বুধবাৰে বটদ্ৰবা আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাবে উপস্থিত থাকি মণি মাধৱ মহন্তই কয় যে, নাগৰিকত্ব সংশোধী আইনৰ বিৰুদ্ধে আমাৰ আন্দোলন বৰ্তমানেও চলি আছে আৰু ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰি বিদেশী হিন্দু বাংলাদেশী সংস্থাপনৰ যি যোজা চলাই আহিছে আমি ছাত্ৰ সন্থাই কেতিয়াও মানি নলও বুলি কৈ আদালতক আদালতৰ দ্বাৰস্থ হোৱাৰ কথা চিন্তা চৰ্চা কৰা বুলি কয়৷ 

সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বটদ্ৰৱা  আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তপন কলিতাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনত মণি মাধৱ মহন্তৰ উপৰিও নগাঁও জিলা সমিতিৰ সভাপতি, অভিজিত দাস, উপ-সভাপতি গৌৰি শংকৰ শইকীয়া, সাংগঠানিক সম্পাদক নৱ জোতি শইকীয়া, ভাৰপ্ৰাপ্ত  সাধাৰণ সম্পাদক, অমৰ জোতি ফুকন, বটদ্ৰৱা শ্ৰী শ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়া, শিক্ষক দিপাংক গিৰি দেৱগোস্বামীৰ লগতে বটদ্ৰৱাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

অধিবেশনতে তপন কলিতাক সভাপতি, নিপুমণি দেৱগোস্বামী সম্পাদক হিচাপে লৈ বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়। আনহাতে বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন উপলক্ষে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন কৰে লক্ষ্যদ্বীপ অধিকাৰীয়ে পাছত গছ পুলি ৰোপন কাৰ্য্য সম্পাদন কৰে ইন্দ্ৰমোহন বৰুৱা, দিলীপ দেৱগোস্বামী আৰু বটদ্ৰৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈয়ে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে অধ্যক্ষ অনিল শইকীয়াই।