মঙলদৈৰ ছাত্ৰ নেতাৰ বিলৈ, ম’হৰ গাড়ীত উঠি কৰিব লগা হৈছে ঘুৰা-ফুৰা

newsnextone.com | মঙলদৈঃ দৰং জিলাৰ মঙলদৈত ম’হৰ গাড়ীত উঠিল সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতা-কৰ্মী৷ পেট্ৰলৰ অত্যাধিক মূল্যবৃদ্ধিৰ ফলত গাড়ী চলোৱাৰ বিপৰীতে ম’হৰ গাড়ীত উঠি ঘুৰা-ফুৰা কৰিবলৈ আৰম্ভ কৰিছে ছাত্ৰনেতাসকলে৷ উপাৰ্জন নথকা ছাত্ৰ নেতাই যদি ৮০ টকা দৰত পেট্ৰল কিনিব লগা হয় তেন্তে গাড়ী চলাব কেনেদৰে৷ হয়, আছুৰ নেতাৰ দৰে হয়তো দেশৰ মানুহে গৰু-ঘোৰা, ম’হৰ গাড়ীতে চলা-ফুৰা কৰিবলৈ আৰম্ভ কৰিব৷

পেট্ৰলৰ যিহে মূল্যবৃদ্ধি হৈছে সাধাৰণে লোকে তেল ভৰাই গাড়ী চলোৱাৰ কথাই নভবাই ভাল৷ যাৰ ফলত বৃহস্পতিবাৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাই ৰাজপথত ম’হৰ গাড়ী গাড়ীত উঠি ৰাজপথলৈ ওলাই আহে৷ প্ৰকৃততে এয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰা এক প্ৰতিবাদী কাৰ্যসূচীহে আছিল৷ পেট্ৰল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত আছুৱে ম’হ গাড়ীত উঠি প্ৰতিবাদ সাব্যস্ত কৰে৷ পূৰ্বে বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে কৰাৰ দৰে আছুৱে ম’হ গাড়ীত উঠি প্ৰতিবাদ সাব্যস্ত কৰে৷

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাত মোডী চৰকাৰ বিফল হোৱাত বৃহস্পতিবাৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ নেতা-কৰ্মীয়ে৷ জিলা শ্বহীদ ভৱনৰ পৰা ম’হৰ গাড়ীত হেলমেট পৰিধান কৰি পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ বিফল বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি শীঘ্ৰে পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ দাবী জনায় দৰং আছুৱে৷