মুছলমানে কলে সাংবাদিকক, বাংলাদেশৰ পৰা ১৯৭৩ চনত নগাঁৱলৈ আহিছিল ৫ পৰিয়াল

newsnextone.com | নগাঁওঃ এনআৰচিৰ উন্নীতকৰণৰ কাম অন্তিম অৱস্থাত উপনীত হোৱাৰ সময়তে ৰাজ্যত একাংশ লোক ভুৱা তথ্যৰে নাম অন্তৰ্ভুক্ত কৰিব খোজাৰ কথা প্ৰতিদিনে পোহৰলৈ আহিব ধৰিছে৷ যাৰ ফলত সকলোৰে মনত এটা প্ৰশ্ন উদয় হ’ব ধৰিছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এনআৰচিত অবৈধ বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হ’ব নেকি৷ কৌশলেৰে কোনো অবৈধ বাংলাদেশীয়ে এন আৰ চিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ব নেকি? 

এনে বহু প্ৰশ্নই সকলোকে চৰম দোমোজাত ৰখাৰ সময়তে নগাঁও জিলাত উন্মোচিত এক ভয়ংকৰ তথ্য৷ নগাঁও সদৰ সমষ্টিৰ কাছমাৰী মৌজাৰ অন্তৰ্গত চিলঙনীত বসবাস কৰা ৫টাকৈ সন্দেহযুক্ত বাংলাদেশী পৰিয়ালে এনআৰচিত নিজৰ নাম লিপিবদ্ধ কৰিবৰ বাবে ব্যাপক কূট-কৌশল ৰচনা কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে৷ স্থানীয় একাংশ সংখ্যালঘূ লোকে কৰা অভিযোগ মতে ইতিমধ্যে ভোটাৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা এই বাংলাদেশী পৰিয়ালকেইটাই চলে-বলে এনআৰচিত নাম পঞ্জীয়ন কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ 

প্ৰাপ্ত তথ্য মতে, ১৯৬৮ চনতে নগাঁও সদৰ পঞ্জীয়ন কাৰ্যালয়ত যিখন ২১ পৃষ্ঠাৰ দলিল ৰেজিষ্টাৰ কৰা হৈছিল সেই দলিলখনত উল্লেখ থকা মতে নেহৰু-লিয়াকৎ আলী চুক্তি অনুসৰি চিলঙনিৰ পৰা মিঞা হুছেইন, আব্দুল মন্নান, আমিৰ হুছেইন, জুবেদা খাতুন আৰু কমলা বানুয়ে ভাৰত ত্যাগ কৰি তেতিয়াৰ পূৱ পাকিস্তান আৰু এতিয়াৰ বাংলাদেশলৈ গুছি গৈছিল৷ চুক্তি অনুসৰি চিলঙনিৰ সংখ্যালঘূ সম্প্ৰদায়ৰ সেই পৰিয়ালকেইটাৰ লগত মাটি-বাৰী ৰদ-বদল কৰি তেতিয়াৰ পূৱ পাকিস্তানৰ পৰা চিলঙনিলৈ আহি থিতাপি লৈছিল অমূল্য চন্দ্ৰ গোস্বামী আৰু অনিল গোস্বামী নামৰ ভাষিক সম্প্ৰদায়ৰ পৰিয়াল দুটাই৷

আনকি ৰেজিষ্টাৰ দলিলখনত পূৱ পাকিস্তান অৰ্থাৎ বাংলাদেশৰ আৰু ভাৰতৰ পৰিয়ালকেইটাৰ মাজত সাল-সলনি কৰি লোৱা সা-সম্পত্তি আৰু মাটিৰ বিশদ বিৱৰণ স্পষ্টকৈ উল্লেখ আছে৷ তদুপৰি ১৯৭১ চনৰ ভোটাৰ তালিকাত তেতিয়াৰ পূৱ পাকিস্তানলৈ গুছি যোৱা সংখ্যালঘূ সম্প্ৰদায়ৰ পৰিয়ালকেইটাৰ সদস্যসকলৰ ঠাইত সন্নিবিষ্ট কৰা হৈছিল ভাৰতলৈ অহা ভাষিক সংখ্যালঘূ পৰিয়াল দুটাৰ সদস্যৰ নাম৷

কিন্তু ভাৰত ত্যাগ কৰি গুছি যোৱা মিঞা হুছেইন, আব্দুল মন্নান আৰু আমিৰ হুছেইনহঁত ১৯৭৩ চনত পুনৰ অবৈধভাবে ভাৰতলৈ ঘূৰি আহে৷ আনকি ভাষিক সংখ্যালঘূ পৰিয়াল দুটাক চুক্তি অনুসৰি দি থৈ যোৱা নগাঁৱৰ চিলঙনিৰ ঘৰ-মাটি বলপূৰ্বকভাবে মৃত্যুৰ ভাবুকি দি দখল কৰি বুলি সময়ে সময়ে চিলঙনিত অভিযোগ উত্থাপন হয়৷  নেহৰু-লিয়াকৎ আলী চুক্তি অনুসৰি তেতিয়াৰ পূৱ পাকিস্তানৰ নাগৰিকত্ব লাভ কৰা ইছলাধৰ্মী পৰিয়ালকেইটাই৷ 

চৰম আশ্চৰ্যৰ কথাটো হ’ল এনেদৰে অবৈধভাবে আহি ঠাই দখল কৰা সন্দেহজনক বাংলাদেশী পৰিয়ালকেইটাই বহু ভুৱা নথি-পত্ৰৰে অবৈধভাবে ১৯৯৩ চনৰ ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হয়৷ বৰ্তমান এই বাংলাদেশী পৰিয়ালকেইটাৰ সদস্যৰ সংখ্যা হৈছে গৈ প্ৰায় দুকুৰি৷ কিন্তু পৰিতাপৰ কথা যে পৰিয়ালকেইটাৰ সন্দৰ্ভত নগাঁও আৰক্ষীৰ সীমান্ত শাখাত ইতিমধ্যে গোচৰ দিয়া হৈছে যদিও আৰক্ষীয়ে বিষয়টোত তিলমানো গুৰুত্ব আৰোপ নকৰাত স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷

ইফালে, অসম চুক্তি মতে ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ প্ৰস্তুত কৰি থকা এন আৰ চিত ১৯৭৩ চনত অসমলৈ অহা পৰিয়ালকেইটাই নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ কুচ-কাৱাজ চলাই থকাত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে৷ সেয়েহে শীঘ্ৰে তদন্ত কৰি পৰিয়ালকেইটাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাইজে৷