ছাত্ৰৰ কোমল দেহত প্ৰহাৰ, যন্ত্ৰণাৰ চিঞৰত কঁপি উঠিল বিদ্যালয়

newsnextone.com | তেজপুৰ টাউনঃ ছাত্ৰ-ছাত্ৰীক শিক্ষিত মানুহ কৰাৰ সপোন দেখুওৱা একাংশ শিক্ষকে আইন ভংগ কৰিহে যেন ভাল পায়৷ ছাত্ৰক শিক্ষাদানৰ নামত মাৰধৰ কৰাৰ ব্যৱস্থাক নিষেধ কৰি থোৱাৰ পিছতো একাংশ শিক্ষকে ছাত্ৰ-ছাত্ৰীক মাৰধৰ কৰি আহিছে৷

তাৰ মাজতে পুনৰ এখন চৰকাৰী বিদ্যালয়ৰ এজন শিক্ষকে এগৰাকী ছাত্ৰৰ কোমল দেহত প্ৰহাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শোণিতপুৰৰ বালিপৰাত৷

জানিব পাৰ মতে, শোণিতপুৰৰ ঐতিহ্যমণ্ডিত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰক এগৰাকী শিক্ষকে এনেদৰে প্ৰহাৰ যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি৷ শিক্ষকৰ প্ৰহাৰত যন্ত্ৰণাৰ ফলত ছাত্ৰজনৰ চিঞৰত কঁপি উঠিছিল বিদ্যালয় খন৷ ৪ দিন চিকিৎসালয়ৰ বিছনাত থকাৰ পিছতেহে সুস্থ হয় ছাত্ৰজন৷ 

বিদ্যালয়খনৰ শিক্ষক নৃপেন শইকীয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মতে, নৱম শ্ৰেণীৰ জনৈক বৈশ্য নামৰ ছাত্ৰজনক বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তে কেনো কথাক লৈ যোৱা ১৭ মে’ত বেয়াকৈ মাৰধৰ কৰে৷ ইমানে নহয় ছাত্ৰজনক চোচোৰাই নি ডিঙিত বেয়াকৈ প্ৰহাৰ কৰে বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে৷

গুৰুতৰ ভাবে অসুস্থ হৈ পৰা ছাত্ৰজনক পৰিয়াল বালিপৰাত প্ৰাথমিক চিকিৎসা কৰি পিছত তেজপুৰ আৰু গুৱাহাটীত উন্নত চিকিৎসা কৰে৷ বিগত চাৰিদিন চিকিৎসা কৰাৰ ফলত আৰোগ্য হোৱা ছাত্ৰজনক বৃহস্পতিবাৰে ঘৰলৈ নিয়ে পৰিয়ালে। ঘটনাক বিদ্যালয় কৰ্তৃপক্ষই গাপ দিবৰ বাবে চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰৰ পৰিয়ালে৷ পৰিয়াল, স্থানীয় সচেন লোক, দল-সংগঠনে শিক্ষক নৃপেন শইকীয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ কৰি শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে৷ শিক্ষকজনৰ বিৰুদ্ধে ইতিপূৰ্বেও ছাত্ৰক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছিল৷