মেট্ৰিকত প্ৰথম স্থান দখল কৰি ৰক্তিম ভূঞাই উজলালে শোণিতপুৰ জিলাক

newsnextone.com | গুৱাহাটীঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শোণিতপুৰ বাসীৰ নাম উজলালে এগৰাকী কৃতী ছাত্ৰই। ৫৯৩ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনে। শোণিতপুৰ জিলাৰ মণলিট হাইস্কুলৰ ছাত্ৰ ৰক্তিম ভূঞা৷ ৰক্তম ভূঞাই সৰ্বমুঠ ৫৯৩ নম্বৰ লাভ কৰিছে৷

দ্বিতীয় স্থান লাভ কৰি বৰপেটা আৰু নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে দুই ছাত্ৰই৷ আনন্দ ৰাম বৰুৱা একাডেমীৰ অভিনাচ কলিতা আৰু নলবাৰী জিলাৰ টিহু হাইস্কুলৰ প্ৰিটিপাল বেজবৰুৱাই দ্বিতীয়া স্থান লাভ কৰে৷ দুয়োগৰাকীয়ে ৫৯২ নম্বৰ লাভ কৰিছে৷

তৃতীয় স্থান লাভ কৰিছে ৰাজ্যৰ তিনিগৰাকী মেধাবী ছাত্ৰই৷ বৰপেটা জিলাৰ চেইন্ট টেৰেছা ইংলিছ স্কুলৰ চুলতান আয়েচা চিদ্দিকা, বাক্সা জিলাৰ চেইন্ট জ’নছ হায়াৰ ছেকেণ্ডাৰিৰ জিণ্টি দেৱী আৰু কামৰূপ মেট্ৰ জিলাৰ আৰভি চালিহাই তৃতীয় স্থান দখল কৰে৷ আটাইকেইগৰাকীয়ে ৫৯১ কৈ নম্বৰ লাভ কৰিছে৷

চতুৰ্থ স্থান দখল কৰে চাৰিগৰাকীয়ে৷ কামৰূপ গ্ৰাম্য জিলাৰ পুঠিমাৰি পায়নাৰ স্কুলৰ চিমা কুইন কাশ্যপ, লখিমপুৰ জিলাৰ এছটি মাৰিয়াছ হাই স্কুলৰ ছাত্ৰ হৃত্বিক শ্যাম শইকীয়া, নগাঁও জিলাৰ খ্ৰীষ্টজ্যোতি হাই স্কুলৰ ৰাজশ্ৰী নন্দী কাকতি, নলবাৰী জিলাৰ চমতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেৱশীষ ভৰদ্বাজ আৰু শোণিতপুৰ জিলাৰ অম্বিকাগিৰী ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ব্ৰেণজিত হাজৰিকাই যুটীয়া ভাৱে চতুৰ্থ স্থান দখল কৰে৷ চতুৰ্থ স্থান দখল কৰা আটাইকেইজনে ৫৯০ কৈ নম্বৰ লাভ কৰে৷

পঞ্চম স্থান দখল কৰিছে ৰাজ্যৰ তিনিগৰাকী মেধা ছাত্ৰই৷ বৰপেটা জিলাৰ আনন্দৰাম বৰুৱা একাডেমীৰ নিবিৰ ডেকা, লখিমপুৰ জিলাৰ এছটি মেৰী হাই স্কুলৰ বিদাৰ্ষণ দত্ত, নলবাৰী জিলাৰ বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠৰ ৰাজা স্নেহাশিষ গুপ্তা দত্তই পঞ্চম স্থান দখল কৰে৷ পঞ্চম স্থান দখল কৰা আটাইকেইজনে ৫৮৯ কৈ নম্বৰ লাভ কৰে৷ 

ষষ্ঠ স্থান লাভ কৰে চাৰিগৰাকী মেধাই। বঙাইগাঁও চেইণ্ট এলবাৰ্ট হাইস্কুলৰ ভাস্বতী কলিতা, যোৰহাট জিলাৰ জোনাকী সংঘ হাইস্কুলৰ অনুস্কা বৰদলৈ, লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ পানীন্দ্ৰ বিদ্যাপীঠৰ কল্পজ্যোতি গগৈ, ওদালগুৰী জিলাৰ ৰামস্বৰূপ ইংলিছ হাইস্কুল ধৃতিস্মান ভূঞাই ষষ্ঠ স্থান দখল কৰে৷ আটাইকেইজন পৰীক্ষাৰ্থীয়ে ৫৮৮ কৈ নম্বৰ লাভ কৰিছে৷

সপ্তম স্থান দখল কৰে ৰাজ্যৰ চাৰিগৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীয়ে৷ বঙাইগাঁও জিলাৰ শংকৰদেৱ শিশু নিকেতনৰ গৰীয়সী দেৱী, বাক্সা জিলাৰ চেইন্ট জনচ’ হাইস্কুলৰ নিতিশা শিৱম, শিৱসাগৰ জিলাৰ এএইচ ডি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিৱানুজ বৰকটকী আৰু শোণিতপুৰ জিলাৰ তেজপুৰ চৰকাৰী হাইস্কুলৰ পল ভূঞাই সপ্তম স্থান লাভ কৰে৷ আটাইকেইজনে ৫৮৭ নম্বৰ লাভ কৰিছে

অষ্টম স্থান লাভ কৰিছে ৬গৰাকী মেধাবী ছাত্ৰই৷ বাক্সা জিলাৰ ৰেইনব’ ইংলিছ স্কুলৰ অনিন্দিতা কাকতী, ডিব্ৰুগড় জিলাৰ বিভিএফচি মডেল হাইস্কুলৰ আশীষ সন্দিকৈ, যোৰহাট জিলাৰ ডনবক্স হাইস্কুলৰ অংগনা হাজৰিকা, কামৰূপ গ্ৰাম্য জিলাৰ শংকৰদেৱ শিশু নিকেতনৰ অংকুৰজ্যোতি ঠাকুৰীয়া, শিৱসাগৰ জিলাৰ দপানী হাইস্কুলৰ গুঞ্জাণন বৰুৱা আৰু কামৰূপ গ্ৰাম্য জিলাৰ সূদৰ্শন পাব্লিক হাইস্কুলৰ বিপানঞ্চ ডেকাই অষ্টম স্থান লাভ কৰিছে৷ আটাইকেইগৰাকীয়ে ৫৮৬ কৈ লাভ কৰিছে৷

নৱম স্থান লাভ কৰে ৰাজ্যৰ দুগৰাকী মেধাই৷ বৰপেটা জিলাৰ চেইণ্ট টেৰেছা হাইস্কুলৰ শ্যামলিমা পাঠক, কামৰূপ গ্ৰাম্য জিলাৰ সুদৰ্শন পাব্লিক হাইস্কুলৰ বি জেনিথ কাশ্যপ আৰু কামৰূপ গ্ৰাম্য জিলাৰ চেইন্ট মেৰী হাইস্কুলৰ শ্বেৰমন কাইচাৰে নৱম স্থান লাভ কৰে৷ আটাইকেইগৰাকীয়ে ৫৮৫ কৈ নম্বৰ লাভ কৰিছে৷

ৰাজ্যৰ ৬গৰাকী মেধা ছাত্ৰই দশম স্থান লাভ কৰে৷ ডিব্ৰুগড় জিলাৰ বি ভি এফ চি মডেল হাইস্কুলৰ হাইস্কুলৰ চায়দা ইন্নায়া টবচ্চুম, ডিব্ৰুগড় জিলাৰ ছল্ট ব্ৰুক হাইস্কুলৰ শ্ৰেয়াচ ভট্টাচাৰ্যী, কৰিমগঞ্জ জিলাৰ বেবীলেণ্ড ইংলিছ হাইস্কুলৰ স্বপ্ননীল ভট্টাচাৰ্যী, নগাঁও জিলাৰ নিবাগাম জাতীয় বিদ্যালয়ৰ নায়ীমা ফিৰদৌজ বৰভূঞা, নগাঁও জিলাৰ প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ ভাৰ্গৱজ্যোতি দাস আৰু শোণিতপুৰ জিলাৰ চেইণ্ট জোচেফ হাইস্কুলৰ সৃষ্টি প্ৰিয়ম নাথে দশম স্থান দখল কৰে৷