
newsnextone.com | ডিব্ৰুগড়ঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুকুৰবাৰে ঘোষিত ফলাফলত শীৰ্ষৰ দহটা স্থানত নাম অন্তৰ্ভূক্ত কৰিবলৈ সমৰ্থ হৈছে ডিব্ৰুগড় জিলাৰ তিনি শিক্ষাৰ্থীয়ে। এই তিনি কৃতী শিক্ষাৰ্থী হৈছে আশীষ সন্দিকৈ, চৈয়দা ইন্নায়া টবচ্চুম আৰু শ্ৰেয়াশ্ৰী ভট্টাচাৰ্যী৷
শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত৷ গ্ৰাম্য আৰু চহৰ এলেকাৰ ছাত্ৰ-ছাত্ৰী সমানে জিলিকি উঠিছে৷ দিনৰ ১১ বজাত ঘোষিত ফলাফলত ভাগ্য নিৰ্ণয় হয় ৰাজ্যৰ ৩ লাখ ৩৭ হেজাৰ ৫৭০ গৰাকী পৰীক্ষাৰ্থীৰ। ৫৬.০৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ ৰাজ্য খনৰ শৈক্ষিক পৰিৱেশ যে ক্ৰমান্বয়ে উন্নন্ত হৈছে তাৰেই উমান পোৱা গৈছে৷ তাৰ মাজতে ৰাজ্যৰ কেইবাখনো জিলাক জিলিকাই তুলিছে কেইবাগৰাকী মেধা ছাত্ৰ-ছাত্ৰীয়ে৷ কঠোৰ পৰিশ্ৰম আৰু বিভিন্ন সমস্যাৰ মাজতে সংগ্ৰামেৰে জিলিকি উঠিছে গাঁও আৰু চহৰৰ ছাত্ৰ-ছাত্ৰী৷
ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে তিনিৰাকী ছাত্ৰই৷ ডিব্ৰুগড় জিলালৈ অষ্টম স্থান দখল কৰি সুনাম কঢ়িয়াই আনিছে বিভিএইচি মডেল হাই স্কুলৰ ছাত্ৰ আশীষ সন্দিকৈয়ে৷ আশীষে ৫৮৬ নম্বৰ লাভ কৰি এই স্থান লাভ কৰে৷ আনহাতে জিলা খনৰ বি ভি এফ চি মডেল হাই স্কুলৰ চায়দা ইন্নায়া টবচ্চুম আৰু ছল্ট ব্ৰুক হাইস্কুলৰ শ্ৰেয়াশ্ৰী ভট্টাচাৰ্যীয়ে দশম স্থান দখল কৰে৷ দুয়োগৰকী ছাত্ৰীয়ে ৫৮৪কৈ নম্বৰ লাভ কৰে৷