
newsnextone.com | মঙলদৈঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত স্থানশূন্য হৈ পৰিল দৰং জিলা৷ যি সময়ত ৰাজ্যৰ বিভিন্ন জিলাত স্থানপ্ৰাপ্তক লৈ আনন্দ উছাহ অব্যাহত আছে তেনে সময়তে শিক্ষাৰ ক্ষেত্ৰত সদায় এক বিশেষ ভূমিকা পালন কৰি অহা দৰং জিলা এইবেলি স্থান শূন্য হৈ পৰিল৷ এগৰাকীও পৰীক্ষাৰ্থীয়েও প্ৰথম দহটা স্থানত স্থান লাভ নকৰাত চিন্তা জাহিৰ কৰে সচেতন লোকে৷ জিলাখনৰ শৈক্ষিক মানদণ্ড উন্নত যদিও কোনো এগৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান দখল কৰিব নোৱাৰিলে৷
কিন্তু সামগ্ৰীক ভাবে আশাজনক ফলাফল দেখুৱাই জিলা খনে৷ যোৱাটো বৰ্ষত জিলা খনৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ দৰং জিলাত মুঠ ৯১২৫ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ ২৪৫৪ গৰাকীয়ে প্ৰথম বিভাগত, ২৬৩৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৯৪৩গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে৷ ৬৬.১২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৬০৩৩ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়৷ সামগ্ৰিকভাৱে ফলাফল ভাল যদিও স্থান লাভ নকৰাত শৈক্ষিক মহল বাৰুকৈয়ে চিন্তিত হৈছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শুকুৰবাৰে ঘোষিত ফলাফলত ৰাজ্যৰ কেইবাখনো সমস্যা বহুল জিলাই ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে৷ কেইবাখনো বান, গৰাখহনীয়াত যুঁজ দিয়া অতি পিছপৰা জিলাই শীৰ্ষৰ দহটা স্থানত নাম অন্তৰ্ভূক্ত কৰিবলৈ সমৰ্থ হৈছে৷
এইবেলি মুঠ পৰীক্ষাৰ্থী আছিল ৩ লাখ ৪৪ হাজাৰ ২১৫ গৰাকী৷ ইয়াৰে পৰীক্ষাত বহে ৩ লাখ ৩৭ হাজাৰ ৫৭০গৰাকী শিক্ষাৰ্থীয়ে৷ সৰ্বমুঠ ছাত্ৰ আছিল ১ লাখ ৬৭ হাজাৰ ৮৯৪ গৰাকী ইয়াৰে ১ লাখ ৯৬ হাজাৰ ৪৯২গৰাকী ছাত্ৰই পৰীক্ষাত বহে৷ ৩১,৮৬১ গৰাকী ছাত্ৰই প্ৰথম বিভাগত, ৪১,৪৪২ গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ২৩, ৭৩৫গৰাকী ছাত্ৰই৷
আনহাতে ১ লাখ ৭৬ হাজাৰ ৩২১গৰাকী ছাত্ৰীৰ ভিতৰত পৰীক্ষাত বহে ১ লাখ ৭৩ হাজাৰ ৭৮ গৰাকীয়ে৷ ইয়াৰে ২৯,১২৬ গৰাকীয়ে প্ৰথম বিভাগত, ৪০,৪১১ গৰাকীয়ে দ্বিতীয় আৰু ২২৫৯৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ মহিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৩.২৩ শতাংশ আৰু পুৰুষৰ ৫৯ শতাংশ উত্তীৰ্ণ হয়৷ মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.০৪ শতাংশ৷
মুঠ ৬৬৪৫ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহা নাছিল৷ ২৩ গৰাকীৰ ফলাফল এতিয়ালৈ ঘোষণা কৰিব পৰা নাই আৰু ৪১২ গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰ পৰা বহিস্কাৰ কৰা হয়৷ মুঠৰ ওপৰত শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত৷ গ্ৰাম্য আৰু চহৰ এলেকাৰ ছাত্ৰ-ছাত্ৰী সমানে জিলিকি উঠিছে৷ দিনৰ ১১ বজাত ঘোষিত ফলাফলত ভাগ্য নিৰ্ণয় হয় ৰাজ্যৰ ৩ লাখ ৩৭ হেজাৰ ৫৭০ গৰাকী পৰীক্ষাৰ্থীৰ। ৫৬.০৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ ৰাজ্য খনৰ শৈক্ষিক পৰিৱেশ যে ক্ৰমান্বয়ে উন্নন্ত হৈছে তাৰেই উমান পোৱা গৈছে৷
ৰাজ্যৰ কেইবাখনো জিলাক জিলিকাই তুলিছে কেইবাগৰাকী মেধা ছাত্ৰ-ছাত্ৰীয়ে৷ কঠোৰ পৰিশ্ৰম আৰু বিভিন্ন সমস্যাৰ মাজতে সংগ্ৰামেৰে জিলিকি উঠিছে গাঁও আৰু চহৰৰ ছাত্ৰ-ছাত্ৰী৷ ৰাজ্যৰ প্ৰায় ৮৫০টা শিক্ষাকেন্দ্ৰত অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। চি চি টিভিৰ সহায়ত নিৰীক্ষণ কৰা হৈছিল পৰীক্ষাকেন্দ্ৰ সমূহ। বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩.৯১ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ৪৭.৯৪ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল।