
newsnextone.com | মৰিয়নিঃ শুকুৰবাৰে ঘােষিত হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ৰাইজক যথেষ্ট উৎসাহিত কৰি তুলিছে৷ কেইবাখনো পিছ পৰা জিলাৰ পৰীক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানত স্থান লাভ কৰি জিলা কেইখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
উজনিৰ যোৰহাট জিলাৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে সাধনাৰ বলত মেট্ৰিকত উজলি উঠিবলৈ সক্ষম হৈছে৷ যোৰহাট জিলাক উজলাই তুলিছে অনুষ্কা বৰদলৈ আৰু অংগনা হাজৰিকাই৷
দুযোগৰাকী যোৰহাটৰ কন্যাই মেট্ৰিকত প্ৰথম দহটা স্থানত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়৷ যোৰহাটৰ জোনাকী সংঘ হাই স্কুলৰ পৰীক্ষাৰ্থী অনুষ্কা বৰদলৈ আটাইকেইটা বিষয়ত লেটাৰ সহ ষষ্ঠ স্থান দখল কৰে৷ অনুষ্কা বৰদলৈয়ে নিতৌ ৬-৭ ঘণ্টা পঢ়া-শুনা কৰি পৰীক্ষাৰ বাবে সাজু হৈছিল৷ আনহাতে যোৰহাটৰ বাঘচূংৰ ডনবস্ক হাই স্কুলৰ ছাত্ৰী অংগনা হাজৰিকাই অষ্টম স্থান দখল কৰে৷ অংগনাই আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ সহ ৫৮৬ নম্বৰ লাভ কৰে৷