
newsnextone.com | ডিব্ৰুগড়ঃ প্ৰচুৰা সম্ভাৱনা থাকিলে পৰীক্ষাত উজলি উঠিবলৈ দৰিদ্ৰতা হেঙাৰ হ’ব নোৱাৰে৷ কষ্ট আৰু সাধনা কৰিব পাৰিলে দৰিদ্ৰতাকো ওফৰাব পাৰি৷ ইয়াকে প্ৰমাণ কৰিলে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বাৰৱী দাসে৷
শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫টা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৫১০ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দৰিদ্ৰ পৰিয়ালৰ কন্যা বাৰৱী দেৱীয়ে৷
চাবুৱাৰ মৰিছাগাঁৱৰ দৰিদ্ৰ দিলীপ দাস আৰু পল্লৱী দাসৰ কন্যা বাৰৱীয়ে গৌৰৱ কঢ়িয়াই অানিছে জিলাখনলৈ৷ বাৰৱীৰ পিতৃয়ে দিন হাজিৰা কৰে৷ পিতৃয়ে শুকুৰবাৰে পুৱাও দিন হাজিৰা কৰিবলৈ ওলাই গৈ কন্যাৰ ভাল খবৰটো লাভ কৰি ঘৰলৈ উভতি আহে৷ পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবেই ফলাফল ঘোষণাৰ দিনটোতো পিতৃয়ে যাবলগীয়া হৈছিল কামৰ সন্ধানত।
পিতৃয়ে উপাৰ্জন কৰা সামন্য টকাৰে ঘৰ খন নচলে যদিও সেই টকাৰে কন্যাক পঢ়াইছিল দিলীপ দাসে৷ পিতৃ দিলীপ দাসে বিভিন্ন ঘৰত দিন হাজিৰা কৰি অতি কষ্টৰে তিনিজনি কন্যাক ডাঙৰ মানুহ হোৱা সপোন দেখি জীৱনৰ সংগ্ৰাম অব্যাহত ৰাখিছে৷ এইদৰে এটি দৰিদ্ৰ পৰিয়ালৰ পৰা মেধাৱী ছাত্ৰীগৰাকীয়ে সু-ফলাফল প্ৰদৰ্শনেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে নৱ প্ৰজন্মৰ মাজতো এক আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
কন্যাৰ ভাল খবৰটো লাভ কৰাৰ পিছতে দিলীপ দাসৰ ঘৰত সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াৰ নেতৃত্বত এটা দল উপস্থিত হৈ দৰিদ্ৰ পৰিয়ালটোৰ কন্যাক শুভেচ্ছা যাচে৷ বৃহওৰ অসমীয়া যুৱ মঞ্চ চাবুৱা অাঞ্চলিক শিক্ষা সচিব দিব্যজ্যোতি দত্তই কন্যাগৰাকীৰ শুভেচ্ছা যাচে৷
সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া, যুদ্ধ বিৰত অালফা নেতা জিতেন দও, সমাজকৰ্মী নিপুল কোঁৱৰ, সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈ, ডিব্ৰুগড়ৰ বিশিষ্ট সমাজকৰ্মী পংকজ কুমাৰ শইকীয়াই বাৰৱী দাসক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিব বুলি কয়৷