
newsnextone.com | নগাঁওঃ শুকুৰবাৰে ৰাজ্যৰ এটা সংখ্যালঘু এলেকাত ৰাইজে ব্যাপক আনন্দ উলাহ কৰা পৰিলক্ষিত হৈছিল৷ পাৰ ভঙা উছাহত উটি ভাহি গৈছিল সকলো লোক৷
যেন যুদ্ধ কৰিহে বিজয় উৎসৱ পালন কৰিছে৷ সকলোৰে মুখত হাঁহি৷ এক গৌৰৱৰ ক্ষণক উৎসৱ হিচাপে পালন কৰিব খুজিছে সকলোৱে৷ এনে দৃশ্য দেখা গৈছিল নগাঁও জিলাৰ সংখ্যালঘু অধ্যাুষিত বেছামাৰী অঞ্চলত৷ সততে নগাঁৱৰ সংখ্যা লঘু এলেকাত একাংশ লোকে অন্য দৃষ্টিৰে চাই আহিছে যদিও শুকুৰবাৰে নগাঁৱৰ বেছামাৰী নামৰ সংখ্যালঘু এলেকাই প্ৰমাণ কৰে নগাঁৱৰ সংখ্যালঘু এলেকাই পৰিৱৰ্তন বিচাৰে৷
শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ বেছামাৰী অঞ্চলতো উজলি উঠিছিল৷ কোনেও নভবাৰ দৰেই অসম্ভৱক সম্ভৱ কৰি তুলিছিল একাংশ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীয়ে৷ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান জ্ঞানদীপ বিদ্যাপীঠে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়৷ শিক্ষানুষ্ঠানখনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আটাইকেইগৰাকীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণৰ হাৰে শিক্ষানুষ্ঠানখনৰ লগতে স্থানীয় বেছামাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে৷
পৰীক্ষাত বহা ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৫ গৰাকীয়ে প্ৰথম বিভাগ আৰু ৬গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ ইয়াৰ ভিতৰত ৰেজুৱানা আলম, হামদানা ছোমায়া, ৰজিনুৰ আহমেদ, শ্বামিমা নাছৰিন, এহিয়া নাজিৰ আৰু ফাৰজানা নিখাতে ডিষ্ট্ৰিংছন পোৱাৰ বিপৰীতে ৰেজুৱানা চুলতানা, মেহবুব আলী, এ হাছান, কুতুব উদ্দিন, ছোহানা চুলতানা, মাহমুদা চুলতানা, এ জে এম শ্বাহিল, জাহান্নাৰা চুলতানা আৰু সোণৰ আলীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
শিক্ষানুষ্ঠানখনৰ এনে ফলাফলত স্বাভাবিকতেই স্থানীয় ৰাইজ তথা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উৎফুল্লিত হৈ পৰি ফলাফল ঘোষণাৰ পিছতেই সকলো শিক্ষানুষ্ঠানৰ চৌহদত সমবেত হৈ হৰ্ষ-উল্লাসেৰে এক প্ৰকাৰে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰাৰ লগতে অধ্যক্ষ ফাইজুল হকৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ উল্লেখ্য, বিগত ২০০৮ চনত বহুকেইজন বিশিষ্ট লোকৰ ঐকান্তিক আৰু আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই শিক্ষানুষ্ঠানখনে প্ৰতিষ্ঠা কালৰে পৰা বৃহত্তৰ বেছামাৰী অঞ্চলৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানৰ পোহৰ বিলোৱাত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ আনহাতে একাংশ ছাত্ৰ-ছাত্ৰী, শিক্ষকে পৰিৱৰ্তন সম্ভৱ বুলি কয়৷