হাতী-মানুহৰ সংঘাত, পৰ্বতঝোৰাত হাতীৰ সন্ত্ৰাস ৰুধিবলৈ ব্যৰ্থ বন বিভাগ

News next one | পৰ্বতঝোৰাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আছে হাতী-মানুহৰ সংঘাত৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আক্ৰমণ চলাই খেতিবাৰী তহিলং কৰাৰ লগতে মানুহ আদিও হত্যা কৰাৰ বাতৰি প্ৰতিদিনেই প্ৰচাৰ হৈ আহিছে৷ 

কিন্তু হাতী-মানুহৰ সংঘাত চৰম পৰ্যায় পোৱাৰ পিছতো ৰাজ্যৰ বন বিভাগে চকু মুদা কুলিৰ ভাওহে ধৰি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ বন মাজৰ পৰা মানুহৰ মাজলৈ ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰা হতীৰ জাকক দূৰলৈ খেদি পঠোৱাত বন বিভাগৰ অক্ষমতাই বিভিন্ন সময়ত সাধাৰণ মানুহক সংকটৰ গৰাহলৈ থেলি দিয়া বুলি ৰাইজে অভিযোগ কৰি আহিছে৷

বনাঞ্চলৰ হাতী আৰু মানুহৰ মাজৰ সংঘাত কালত পুনৰ এবাৰ বন-বিভাগক অকৰ্মণ্য আখ্যা দি ক্ষোভ উজাৰিছে পৰ্বতঝোৰাৰ কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বাসবাৰীৰ ৰাইজে৷ উল্লেখ্য যে, মোৱামাৰী, কালাপানী জংঘলৰ পৰা খাদ্যৰ সন্ধানত মানুহৰ মাজলৈ ওলাই অহা এটা হাতীৰ জাকে বিগত কেইবাদিন ধৰি বাসবাৰী বজাৰত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷ 

ৰাইজে হাতীৰ জাকটোৰ সন্ত্ৰাসৰ বিষয়ে স্থানীয় বন বিভাগক অৱগত কৰি অহাৰ পিছতো অঞ্চলটোৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে৷

ইফালে বন বিভাগৰ গুৰুত্বহীনতাৰ পিছত সংকিত ৰাইজে নিজেই নিজৰ সুৰক্ষাৰ বাবে সতৰ্ক হৈ পৰিছে যদিও কোন সময়ত পুনৰ বনৰীয়া হাতীৰ জাকে বনাঞ্চলৰ পৰা ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰে, সেয়া লৈ ভয়ৰ জীৱন কটাবলগীয়া হৈছে ৰাইজে৷