গণতন্ত্ৰতৰ চতুৰ্থ স্তম্ভত দাগ, বিহালীত সংবাদিকৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | বিহালীঃ দেশৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিচিত সংবাদ সেৱা৷ সত্য নিষ্ঠাৰে প্ৰকৃত সত্য উদঘাটনৰ দায়িত্ব ন্যস্ত থাকে সাংবাদিক বা সংবাদ মাধ্যমৰ ওপৰত৷ ৰাইজৰ স্বাৰ্থত, ৰাইজৰ প্ৰয়োজনত সাংবাদিকসকল ন্যায়ৰ যুদ্ধত সদায় প্ৰথম শাৰীৰ সৈনিক৷ সেইবাবেই এটা সময়ত সাংবাদিক সেৱাক বৃত্তি হিচাপে ধৰি লোৱা নহৈছিল৷ সাংবাদিকতা আছিল ৰাইজৰ বাবে সেৱা৷ 

কিন্তু যুগৰ পৰিৱৰ্তনৰ লগে লগে সাংবাদিকতাও বৃত্তিৰ শাৰীলৈ উন্নীত হয়৷ সাংবাদিক সকলৰো ভোক লাগে, সাংবাদিক সকলৰো প্ৰয়োজন থাকে৷ এনেবোৰ কাৰণৰ দোহাই দি সাংবাদিকতাক বৃত্তি হিচাপে গ্ৰহণ কৰা হ’ল৷ কিন্তু সাধাৰণ বৃত্তিৰ পৰিৱৰ্তে সাংবাদিকতা ধনী হোৱাৰ বা ধন ঘটাৰ সহজ উপায় হিচাপেও বহুতেই গ্ৰহণ কৰিবলৈ ল’লে৷ সাংবাদিকতাৰ তথাকথিত ‘লেবেল’ এখন লগাই বহু লোকে ধনী হোৱাৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে৷ যাৰ ফলত লাহে লাহে সাংবাদিক আৰু সংবাদ মাধ্যমৰ ওপৰত আস্থা কমি আহিল সাধাৰণ ৰাইজৰ৷

শেহতীয়াকৈ সাংবাদিকতাৰ লেবেল লগাই আনক ব্লেকমেইলিং কৰি ধনী হোৱাৰ কৌশল অৱলম্বন কৰা বুলি এগৰাকী সাংবাদিকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সাধাৰণ ৰাইজে৷ জানিব পৰা মতে, বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰগাঙত এজন ব্যৱসায়ীক ব্লেকমেইলিং কৰাৰ অভিযোগত এখন দৈনিক বাতৰি  কাকতৰ সাংবাদিকৰ বিৰুদ্ধে ৰাজহুৱা গোচৰ ৰুজু কৰিছে৷

সাংবাদিক জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত গোচৰ নং ৫০/১৮ ইউ/এছ ৩৮৪/৩৪ জামিন বিহীন গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে, এখন দৈনিক কাকতত সাংবাদিকতা কৰাক লগতে স্বয়ম্ভু জাতীয়বাদী সংগঠনৰ নেতা হিচাপে চিনাকি দিয়া তথাকথিত সাংবাদিকজনে অঞ্চলটোৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীক ব্লেকমেইলিং কৰি অহাৰ পিছত স্থানীয় ৰাইজে এই বিষয়ে জানিব পৰাত সাংবাদিকজনৰ বিৰুদ্ধে ৰাজহুৱা গোচৰ ৰুজু কৰে৷ 

ইফালে তথাকথিত সাংবাদিকজনে পূৰ্বতে তদানীন্তন  বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত কলিতাকো ব্লেকমেইলিং কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে৷ সাংবাদিকজনে নিজ ভোাতৃৰ সৈতে লগ লাগি অঞ্চলটোত এনে কু কাৰ্য সংঘটিত কৰি আহিছে বুলি ৰাইজে দাবী কৰিছে৷ 

সাংবাদিক জন আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত দুয়োকে বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে যদিও এই মূহুৰ্তলৈ সাংবাদিকজন আৰু তেওঁৰ ভাতৃক আটক কৰিহলৈ সক্ষম হোৱা নাই৷ 

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, সাংবাদিক তথা কেইবাটাও জাতীয়তাবাদী সংগঠনৰ নেতা বুলি নিজকে জাহিৰ কৰি ফুৰা সাংবাদিক আৰু তেওঁৰ ভাতৃয়ে কেইজনমান সাংগো-পাংগোৰ সৈতে যোৱা ২৩ মে’ত বৰগাং চেন্টাৰৰ এখন হোটেলত উপস্থিত হৈ নিজকে স্বয়ম্ভু শিশু শ্ৰমিক বিষয়া বুলি চিনাকী দি ধনদাবী কৰা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।