বিচনাত বিপ্লৱী, অনিল বৰাৰ কথা মনত পৰেনে প্ৰফুল্ল-অতুল-সৰ্বাৰ

newsnextone.com | কামপুৰঃ তেওঁৰ সতীৰ্থসকল এতিয়া আট্টালিকাত বসবাস কৰে৷ শীততাপ নিয়ন্ত্ৰিত গাড়ী, কোঠা অবিহনে সময় অতিবাহিত নহয়৷ সোঁৱে-বাৱে নিৰাপত্তাৰক্ষী৷ ৰাজ্যৰ চহৰে-নগৰে সম্পত্তিৰ পাহাৰ৷ কিন্তু মানুহগৰাকীয়ে বিচনাত চকুলো টুকি সময় পাৰ কৰিছে৷ জীৱনত বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে সময় পাৰ কৰা মানুহগৰাকীয়ে জীৱনৰ বেছি সময় অসম মাতৃৰ সেৱা কৰাৰ নামত পৰা কৰিছে৷ একালত আন্দোলনত জপিয়াই পৰি সেনা-আৰক্ষীৰ মাৰত জীৱন ঘূণীয়া কৰি পেলাইছে৷ 

অসম আন্দোলনত নামি পৰিছিল তেওঁ৷ ছয় বছৰীয়া আন্দোলনৰ সময়ত অসমৰ বহু তেজাল যুৱকৰ দৰেই সেনা-আৰক্ষীৰ মাৰ খাইছিল তেওঁ৷ তেতিয়াৰ তেজাল যুৱকজনে আৰক্ষী-চিআৰপিএফৰ টাঙোন-বন্দুকৰ নলীৰ খুন্দাত চিৰ দিনৰ বাৰে ঘূণীয়া হৈছিল৷ অসম চুক্তি হ’ল আৰু একাংশ নেতাই দল গঠন কৰি ৰাজভোগ খালে৷ কিন্তু আন একাংশ নেতাই জীয়াই থকাৰ নামত যাতনা ভোগ কৰিব লগা হ’ল৷ বহুতেই নেতৃত্বৰ পৰা চৰম প্ৰতাৰিত হ’ল৷ তেনেই এগৰাকী নেতা হৈছে নগাওঁ জিলাৰ কামপুৰৰ অনিল বৰা৷ 

অনিল বৰা এতিয়া বিচনাৰ সংগী৷ একালৰ সংগীৰ পৰা সহায় বিচাৰিব খুজি কাষত পাবলৈ হাবাথুৰি খাইছে। কিয়নো বৰাই ধনৰ অভাৱত ৰোগৰ চিকিৎসা কৰিব পৰা নাই৷ অসমৰ বৰ্তমানৰ চৰকাৰ খনৰ বেছি খিনি মন্ত্ৰী-বিধায়ক তেওঁৰ সংগী৷ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ কালত একেলগে সংগ্ৰাম কৰা মন্ত্ৰী অতুল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত হতৰ এতিয়া অনিল বৰাৰ খবৰ লবলৈ আহৰি নাই৷

১৯৮৩ৰ বিদেশী খেদা আন্দোলনত আহ ঐ আহ ওলাই আহ মন্ত্ৰৰে হাজৰ হাজাৰ জনসাধৰণক ৰাজপথলৈ উলিয়াই আনিছিল এইজন অনিল বৰাই। আজি সেইজন বিপ্লৱী বিচনাৰ সংগী৷ খবৰ লবলৈ আহৰি নাই শাসনৰ গাদী লাভ কৰি সকলো পাহৰি যোৱা সংগীসকলে। জাতিৰক্ষাৰ বাবে ওলাই অহা বিপ্লৱীয়ে ১৯৮০ চনত অসম চৰকাৰে নিবাৰক নিৰোধ অাইনৰ অধিনত গ্ৰেপ্তাৰ কৰি নগাঁও, যোৰহাট, গুৱাহাটী অাৰু বিহাৰৰ ভাগলপুৰ কেন্দ্ৰীয় কাৰাগাৰত অাবদ্ধ কৰি ৰখাৰ লগতে আৰক্ষীয়ে শাৰীৰিক অাৰু মানসিকভাৱে বৰ্বৰ ভাবে প্ৰহাৰ কৰাত আজীৱন পংগুত্ব জীৱন অতিবাহিত কৰি আহিছে৷

কিন্তু একালৰ সতীৰ্থসকলে সহায় নকৰিলে বিপ্লৱী জনক৷ বৰ্তমান যটিল ৰোগত আক্ৰান্ত বৰা৷ দিল্লীৰ এইমছ, গংগাৰাম হস্পিতাল, হায়দৰাবাদৰ এছিয়ান ইনষ্টিটিউট অৱ গেচট্ৰটেৰগী, চেন্নাইৰ এপল হস্পিতালত পৰিয়ালৰ লোকে চিকিৎসা কৰিছে যদিও পৰিয়ালটোৱে চিকিৎসাৰ নামত সকলো হেৰুৱাই৷ চিকিৎসকে বিপ্লৱী জনৰ লিভাৰ পুনঃ সংৰোপনৰ বাবে পৰামৰ্শ দিছে। এই চিকিৎসা ব্যয়বহুল৷ চিকিৎসাৰ বাবে প্ৰয়োজন হ’ব ২৫ লাখ টকাৰ। যাৰ বাবে উপায়বিহীন বিপ্লৱী জনে এতিয়া বিচনাতে জীৱনৰ অন্তিম ক্ষণ গণিব লগা হৈছে৷ একেলগে কাৰাবাসত থকা সতীৰ্থসকল আজি মন্ত্ৰী-বিধায়ক৷ কিন্তু সতীৰ্থগৰাকীক অাৰ্থিক ভাৱে সহায়ৰ কৰাতো দূৰৰে কথা আজিপৰ্যন্ত এষাৰ মাত দিবলৈয়ো আহৰি নাপালে একালৰ সতীৰ্থই। যাৰ বাবে ক্ষোভিত হৈ পৰিছে বিপ্লৱীগৰাকীৰ পৰিয়াল৷