মাদানীৰ পিছত জিলানী, অসমৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিবলৈ ‘আছু’ কোন

newsnextone.com | গুৱাহাটীঃ দিল্লীত NRC সন্দৰ্ভত অনুষ্ঠিত এখন সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্ছাদ মাদানিয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি মন্তব্য কৰাৰ পিছতেই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ যোৱা ১৩ নৱেম্বৰত দিল্লীত অনুষ্ঠিত সভাত প্ৰায় ত্ৰিশ লাখ লোক NRCৰ পৰা বাদ পৰিলে পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰিছিল মাদানীয়ে৷ অসমৰ মাটি-পানীৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ সমস্যাৰ হৈ কোনো দিনে মাত এষাৰ নিদিয়া মাদানীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ দল-সংগঠন জাঙুৰ খাই উঠিছিল৷ 

অসমৰ পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰিবলৈ মাদানী কোন বুলিও একাংশ লোকে প্ৰশ্ন কৰিছিল৷ এইবাৰ মাদানী নহয় এইবাৰ আহিছে জিলানী৷ মাদানী বিজেপি বিৰোধী আছিল যদিও এইবাৰ বিজেপিৰ আপোন মানুহে অসমীয়া জাতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ এইবাৰ অসমৰ জাতীয় সংগঠনক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰএছএছৰ ভাতৃ মুছলমান সংগঠনৰ নেতা য়াছিৰ জিলানীয়ে৷ য়াছিৰ জিলানীয়ে সদৌ অসম ছাত্ৰ সন্থাক কোন বুলি প্ৰশ্ন উত্থাপন কৰে৷ যাৰ ফলত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বহু লোকে ছচিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰি মাদানীৰ দৰে জিলানীকো প্ৰশ্ন কৰিছে জিলানী কোন?

দিল্লীৰ ফালৰ পৰা অসমলৈ আমদানি হৈছে এতিয়া বহু নেতাৰ৷ কেতিয়াবা যদি মাদানী আৰু কেতিয়াবা জিলানী৷ মাদানীয়ে হওঁক নতুবা জিলানীয়ে হওঁক মুঠৰ ওপৰত অসমীয়া জাতিৰ ওপৰত আক্ৰমণ অব্যাহত আছে হিন্দী লবিৰ৷ অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত বিজেপিয়ে খোপনি পুটিবলৈ সক্ষম হোৱাৰ পিছতে বিজেপি, আৰএছএছ নেতাৰ আমদানি হৈছে উত্তৰ পূৰ্বাঞ্চললৈ৷ 

এনে নেতাই এতিয়া সকলো সীমা চেৰাই অসমৰ জাতীয় সংগঠনক ইতিকিং কৰিবলৈ এৰা নাই৷ সকলো সীমা অতিক্ৰম কৰি অসমৰ মাটিতে কৈ পেলালে ‘আছু’ কোন? যি আছুৱে বিশ্ব কঁপোৱা অসম আন্দোলন কৰিছিল৷ সেই আছুক কৈ পেলালে অসমৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিবলৈ ‘আছু’ কোন বুলি৷ 

আছুক অসমৰ ৰাইজে সময়ে সময়ে সমালোচনা কৰে যদিও শেষ মুহূৰ্তত অসমীয়াৰ সেইখনে মঞ্চ হৈ পৰে৷ সকলোৱে আছুৰ পতাকাৰ তলতে একত্ৰিত হয়৷ জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত যোৱা ৪টা দশক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে আছুৱে৷ বিশ্ব কঁপোৱা অসম আন্দোলন কৰা আৰু বিশ্বৰ বুৰঞ্জীত নাম থকা আছুক আজি চিনি নোপেৱা হ’ল বিজেপিয়ে৷ বিজেপিয়ে পাহৰি গ’ল তেওঁলোকৰ বৰ্তমানৰ অসমৰ নেতা, মুখ্যমন্ত্ৰীগৰাকী আছুৰে প্ৰাক্তন নেতা আছিল৷ 

অসমৰ জাতীয় সংগঠনক এনেদৰে অপমান কৰিবলৈ অধিকাৰ কোনো দিলে ইয়াকে লৈ এতিয়া ৰাজ্যত আৰম্ভ হৈছে চৰ্চা৷ আছুক সমালোচনা কৰিবলৈ কোনো অধিকাৰ নাই দিলে এনে সংগঠনক৷ উল্লেখ্য যে, বিজেপিৰ গুৰিধৰোতা আৰএছএছৰ ভাতৃ সংগঠন মুছলিম ৰাষ্ট্ৰীয় সংঘৰ মিডিয়া প্ৰভাৰী তথা কেন্দ্ৰীয় উচ্চ শিক্ষা সমিতিৰ সদস্য ছৈয়দ য়াছিৰ জিলানীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৱে প্ৰতিবাদ কৰি অহাৰ ফলত সদৌ অসম ছাত্ৰ সন্থাক উভতি ধৰি সংবাদ মাধ্যমৰ সন্মুখত অসমৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিবলৈ ‘আছু’ কোন বুলি প্ৰশ্ন কৰে৷ নেতাগৰাকীয়ে বুধবাৰে গুৱাহাটীলৈ আহে সংগঠনৰ কামত৷