মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাত নিষিদ্ধ অগপৰ প্ৰতিবাদ

newsnextone.com | চাবুৱাঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বুধবাৰে অসম গণ পৰিষদ দলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অগপৰ আহ্বানত কেইবাহাজাৰ লোকে ৰাজপথলৈ ওলাই আহে৷ 

হাতে হাতে জোঁৰ লৈ ৰাজপথলৈ ওলাই অহা লোকসকলে অগপ জিন্দাবাদ, বিজেপি মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে শ্ল’গান দিয়ে৷ ডিব্ৰুগড় জিলাৰ বিজেপিৰ ভেটি কপাই চাবুৱাত অসম গণ পৰিষদৰ আহ্বানত ওলাই অহা হাজাৰ হাজাৰ লোকে কোনো কাৰণত বিধেয়ক গৃহিত কৰিব নিদিয়াৰ হুংকাৰ দিয়ে৷ কেইবাগৰাকী অগপৰ জিলা পৰ্যায়ৰ আৰু কেন্দ্ৰীয় নেতাই প্ৰতিবাদত অংশ লৈ বিজেপিক তীব্ৰ সমালোচনা কৰে৷ বিজেপিয়ে অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰা বুলি কয়৷ বিজেপিৰ দখলত থকা সমষ্টিটোত এনেদৰে অগপৰ নেতৃত্বত মানুহ ওলাই অহা কাৰ্যই চৰ্চাও লাভ কৰে৷

তাৰ পিছতে ছচিয়েল মিডিয়াত চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই অগপক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ অগপৰ মেৰুদণ্ড বিজেপিহে বুলি কয় বিধায়কগৰাকীয়ে৷ বিনোদ হাজৰিকাই হোৱাটছএপ গ্ৰুপ সমূহত প্ৰচাৰ কৰা এটা আপডেটত কয় ‘‘মই অসমৰ সকলো অৰাজনৈতিক সংগঠনক কৃতজ্ঞতা আৰু সন্মান যাচিছো৷ বিশেষকৈ কিছুমান সংগঠনক ব্যক্তিগত ভাবে সমৰ্থন দিছো৷ কিন্তু অগপক সমৰ্থ নিদিও৷ কিয়নো অগপৰ মেৰুদণ্ড বিজেপি হোৱাৰ পিছতো মানুহক বিপথে পৰিচালিত কৰিছে৷ অগপই মানুহৰ পৰা সহানুভূতি আদায় কৰিবৰ বাবে চেষ্টা কৰিছে৷ অগপই যদি এনে ধাৰা অইন সমষ্টিত অব্যাহত ৰাখে ৰাখক কিন্তু মোৰ সমষ্টি চাবুৱাত নহয়৷’’