বিজ্ঞান শাখাত প্ৰথম তিনি স্থান দখল অমৰ, নিহাৰিকা, ভাস্কৰ-মৃণালৰ

গুৱাহাটীঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বৃহস্পতিবাৰে ঘোষিত ২০১৮ বৰ্ষৰ ফলাফল অনুসৰি বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা মুঠ ৩৭ হাজাৰ, ৩ শ ৭৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে ৩২ হাজাৰ ৪৫ গৰাকী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১৫ হাজাৰ ৭ শ ২৮ গৰাকী। দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ক্ৰমে ১৩, ৮২৫ আৰু ২৪৯২ গৰাকী। ২০১৬ বৰ্ষৰ ৯০.৯৬ আৰু ২০১৭ বৰ্ষৰ ৮৬.২৪ ৰ বিপৰীতে ২০১৮ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৫.৭৪। 

প্ৰথম দহটা স্থান প্ৰাপ্তসকল হৈছে ক্ৰমেঃ 

১. অমৰ সিং থাপা। আব্দুল হাচিব হায়াৰ ছেকেণ্ডাৰী স্কুল, হোজাই। প্ৰাপ্ত নম্বৰঃ ৪৮৬। 
২. নিহাৰিকা সন্দিকৈ। কৃষ্ণ কান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা। প্ৰাপ্ত নম্বৰঃ ৪৮৩। 
৩. ভাস্কৰ জ্যোতি কলিতা, কৃষ্ণ কান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা। মৃণাল জ্যোতি পড়েল, দৰং কলেজ, শোণিতপুৰ। প্ৰাপ্ত নম্বৰঃ ৪৮০। 
৪. ভাস্বতি কলিতা, কৃষ্ণ কান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা। পৃথ্বীৰাজ দে, ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, নগাও। প্ৰাপ্ত নম্বৰঃ ৪৭৯।
৫. সুদৰ্শন সিং সন্ধু, প্ৰজ্ঞা একাডেমি জুনিয়ৰ কলেজ, যোৰহাট। প্ৰাপ্ত নম্বৰঃ ৪৭৭। 
৬. অন্ত্ৰা ফুকন, ডিব্ৰুগড় চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু মজলীয়া বিদ্যালয়, ডিব্ৰুগড়। প্ৰাপ্ত নম্বৰঃ ৪৭৬। 
৭. অভিজ্ঞান শৰ্মা গগৈ, ৰেডিয়েণ্ট কলেজ, গোলাঘাট। প্ৰজ্ঞা প্ৰিয়া বৰুৱা, প্ৰজ্ঞা একাডেমি জুনিয়ৰ কলেজ, যোৰহাট। মৃণ্ময় দাস, ৰামানুজন জুনিয়ৰ কলেজ, নগাও। ৰমিন গগৈ, শিৱসাগৰ জুনিয়ৰ কলেজ। প্ৰাপ্ত নম্বৰঃ ৪৭৪। 
৮. অভীস্পা ফুকন, ৰেডিয়েণ্ট কলেজ, গোলাঘাট। ম. চাকিল আখটাৰ, এচ ভি বিদ্যানিকেতন এইচএছ স্কুল, কৰিমগঞ্জ। প্ৰাপ্ত নম্বৰঃ ৪৭৩। 
৯. স্বাগত গগৈ। ডিব্ৰুগড় চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু মজলীয়া বিদ্যালয়, ডিব্ৰুগড়। প্ৰাপ্ত নম্বৰঃ ৪৭২। 
১০. ফাৰদিন ৰফিক, আনন্দৰাম বৰুৱা একাডেমি। উজ্বল জৈন, কটন কলেজ (বিশ্ববিদ্যালয়)। জ্যোতিৰ্ময় দত্ত, নৰ্থ লখিমপুৰ কলেজ। ৰিত্তিকা কুমাৰী সিং, ৰামানুজন জুনিয়ৰ কলেজ, নগাও। আচমা য়াস্মিন, শংকৰদেৱ একাডেমি, নলবাৰী। প্ৰাপ্ত নম্বৰঃ ৪৭১।