
newsnextone.com | গুৱাহাটীঃ বিতৰ্ক আৰু হিমন্ত বিশ্ব শৰ্মা যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি৷ বাৰে বাৰে বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমত চৰ্চাত থকা এগৰাকী নেতা আৰু কোনোৱে হিমন্ত বিশ্ব শৰ্মাক একালৰ আছু, একালৰ কংগ্ৰেছী আৰু এতিয়াৰ বিজেপি বুলিও কব খোজে।
মন্ত্ৰীগৰাকীয়ে নিজৰ মতেই সকলো কাম কৰিব বিচাৰে বুলিও হিমন্ত বিশ্ব শৰ্মাৰ বদনাম আছে৷ ৰাজ্যত দীন দয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিতকৰণক লৈ সকলো ক্ষেত্ৰতে মন্ত্ৰীগৰাকীয়ে নিজৰ মতত অটল হৈ আছে।
শেহতীয়াকৈ ৰাজ্যৰ বিজেপি চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা আন এক বিতৰ্কিত মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলৰ লগতে অসমৰ দল-সংগঠন জাঙুৰ খাই উঠিছে।
বুধবাৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত উপস্থিত থাকি শংকৰদেৱ আৰু মাধৱদেৱক লৈ মন্তব্য প্ৰদান কৰিছিল বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে হিন্দুত্ববাদৰ বিষয়ে ক’বলৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ ইতিহাস সাঙুৰি পেলাইছিল মন্ত্ৰীগৰাকীয়ে৷
উল্লেখ্য যে, অসমত হিন্দু বাংলাদেশীক সংস্থাপনৰ সপক্ষে মত পোষণ কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই৷ হিন্দুত্ববাদৰ সংজ্ঞা তুলি ধৰি বিতৰ্কিত মন্ত্ৰীগৰাকীয়ে পূৰ্বে ‘অসম ধ্বংস কৰিব মুছলমানেহে, হিন্দু বাংলাদেশীয়ে নহয়’ বুলিও মন্তব্য কৰি অসমৰ জাতিৰ ইতিহাস বিকৃত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছিল৷ বুধবাৰে পুনৰ একেটা কাণ্ডকে দোহাৰি মন্ত্ৰীগৰাকীয়ে হিন্দুত্ববাদক মুকলিকৈ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হয়৷
বুধবাৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ মুকলিকৈ নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন আগবঢ়ায়৷ কথা প্ৰসংগত অসমৰ হিন্দুত্ববাদৰ কথা উনুকিয়াই মন্ত্ৰীগৰাকীয়ে অসমীয়া মানেই হিন্দু বুলি মন্তব্য কৰে৷
আনহাতে, মন্ত্ৰীগৰাকীয়ে হিন্দুত্বৰ সৈতে লেনিয়াই পেলালে জগতগুৰু শংকৰদেৱ আৰু মাধৱদেৱকো৷ অসমত হিন্দুৰ প্ৰতিষ্ঠা আৰএছএছএ নহয়, শংকৰ-মাধৱে কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে মহাপুৰুষ দুজনাৰ আদৰ্শ বিকৃত কৰাৰ প্ৰয়াস কৰা দেখা যায়৷ মহাপুৰুষ দুজনাই নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ মাজেৰে অসমত হিন্দুত্ববাদৰ প্ৰচাৰ কৰিছিল বুলি বিতৰ্কিত মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই৷
হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে মন্ত্ৰগৰাকীৰ সমালোচনাত মুখৰ হৈ পৰে ৰাজ্যখনৰ জ্যেষ্ঠ বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁই আৰু কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ৷ বৃহস্পতিবাৰে ড০ হীৰেণ গোহাঁইয়ে সংবাদমাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মা অৱতাৰী পুৰুষ বুলি ইতিকিং কৰে৷ হিমন্ত বিশ্ব শৰ্মাই সকলো কথাই জানে, আমি একো নাজানো বুলি মন্তব্য কৰি ড০ গোহাঁইয়ে মন্ত্ৰীগৰাকীক কটাক্ষ কৰে৷
আনহাতে শংকৰদেৱ আৰু মাধৱদেৱে অসমলৈ হিন্দুত্ব অনা কথাটোও মন্ত্ৰীগৰাকীয়েহে জানে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংবাদ মাধ্যমৰ আগত ইতিকিং কৰে হীৰেণ গোহাঁইয়ে৷
ইফালে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও একালৰ ঘনিষ্ঠ আৰু আজিৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মাক সংবাদ মাধ্যমৰ আগত কটাক্ষ কৰা পৰিলক্ষিত হয়৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অসমলৈ হিন্দুত্ব অনা বিষয়ক হিমন্ত বিশ্বৰ মন্তব্যৰ বিৰোধিতা কৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ হিন্দুত্বৰ ঘোৰ বিৰোধী আছিল বুলি মন্তব্য প্ৰকাশ কৰে। হিমন্ত বিশ্ব শৰ্মাই গুৰু দুজনাৰ আদৰ্শ বিকৃত কৰিছে বুলিও দাবী কৰে তৰুণ গগৈয়ে৷
আনহাতে হিমন্ত বিশ্ব শৰ্মাই আৰএছএছৰ প্ৰিয়ভাজন হ’বলৈ এনে মন্তব্য কৰা বুলি কয় তৰুণ গগৈয়ে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গাদীৰ পৰা আঁতৰাই নিজে মুখ্যমন্ত্ৰী পদ দখল কৰাৰ বাবেই আৰএছএছ নামৰ উগ্ৰ হিন্দুত্ববাদী সংগঠটোক সন্তুষ্ট কৰিব বিচাৰিছে বুলিও মন্ত্ৰী হিমন্ত বিশ্বৰ বিৰুদ্ধে মন্তব্য কৰে তৰুণ গগৈয়ে৷
আনফালে বুধবাৰে আৰএছএছৰ ভাতৃ মুছলমান সংগঠন এটাৰ নেতা য়াছিৰ জিলানীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কলৈ সমৰ্থন আগবঢ়াই ‘অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ আছু কোন?’ বুলি জাতীয় সংগঠনটোক অপমান কৰিছিল৷
বৃহস্পতিবাৰে আৰএছএছৰ ভাতৃ সংগঠনটোৰ এনে অপমানজনক মন্তব্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাৰ বাবে আৰএছএছৰ সদস্যই আছু কোন বুলি অসমীয়াৰ স্বাভিমানক আঘাত হনা মন্তব্য কৰিবলৈ সাহস পায় বুলি বিজেপি চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে তৰুণ গগৈয়ে৷
উল্লেখ্য যে, ৰাজ্যৰ বামপন্থী দল-সংগঠনে বৃহস্পতিবাৰে পুৱাৰে পৰা মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ উক্ত কাৰ্যসূচীত ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁই, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰফুল্ল কুমাৰ মহন্ত, সাংবাদিক মণজিত কুমাৰ মহন্ত, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, জ্যেষ্ঠ বামপন্থী নেতা হেমেন দাস আদিয়ে অংশ লয়৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লৈ বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্বক এনেদৰে সমালোচনা কৰে নেতাসকলে৷