বছিৰৰ বিৰুদ্ধে ক্ষোভ, শীততাপ নিয়ন্ত্ৰিত গাড়ী-আবাস পােৱাৰ পিছত চৰলৈ নাহে সংখ্যালঘু দৰদী নেতা

newsnextone.com | বিলাসীপাৰাঃ ৰাজ্যৰ চৰ এলেকাত বিশুদ্ধ খোৱাপানী, ৰাস্তা-ঘাট, বাসস্থান, ৰেচন যোগান, বিদ্যুতৰ পোহৰ, শিক্ষা, স্বাস্থ্য খণ্ডৰ অৱস্থা কেনেকুৱা সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হয় চৰৰ লোকে৷ বহু চৰত বিদ্যুতৰ পোহৰ লাভ কৰাটো এক সপোনহে মাথোন৷  সন্তানৰ উপয়ুক্ত চৰকাৰী শিক্ষা, বোকা পানী নোহোৱা পথ লাভ কৰাটো আন এক সপোন৷

স্বাধীনতাৰ পিছৰে পৰা বান পানীৰ সৈতে যুঁজি থকা লোকসকলে জীৱন ধাৰণৰ নামত ন্যুনতম সুবিধা নোপোৱাৰ ফলত দুৰ্বিষহ দিন কটাবলগীয়া হয়৷ কিন্তু একাংশ লোকে দৰিদ্ৰতাৰ সুবিধা লৈ চৰৰ লোকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে৷ বাৰিষাৰ ৬ মাহ বানপানীৰ সৈতে যুঁজ কৰি সতি-সন্তানক পোহপাল দিয়া লোকসকলক গুৰুত্ব প্ৰদান নকৰে চৰ এলেকাক প্ৰতিনিধিত্ব কৰা সংখ্যালঘু দৰদী নেতাসকলে৷ 

কেৱল ভোটৰ সময়ত কেইটামান টকাৰ প্ৰলোভন দি সহজ সৰল লোকসকলৰ পৰা ভোট লৈ কেৱল বঞ্চনা কৰি আহিছে চৰৰ লোকসকলক৷ চৰকাৰ আহে, চৰকাৰ যায় কিন্তু চৰৰ সাধাৰণ মানুহৰ দুৰ্দশা কেতিয়াও অন্ত নপৰে৷ চৰৰ জনসাধাৰণৰ দুৰ্দশাৰ প্ৰতি চকু দিবলৈ আহৰি নাপায় চৰকাৰৰ মন্ত্ৰী-বিধায়ক-সাংসদসকলে৷ 

প্ৰতি খন চৰকাৰৰ ব্যৰ্থতাৰ ধ্বজা উৰুৱাই চৰ এলেকাৰ তেনেদৰেই পৰি ৰয় ৰাজ্যৰ ভগ্ন ৰাস্তা ঘাট, দলং৷ চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা ৰাজ্যৰ বিভিন্ন চৰ অঞ্চলৰ বাট-পথ তথা ভগা দলঙে ৰাইজক জ্বলাকলা খুৱাই আহিছে৷ নিৰ্বাচনৰ পিছত ক'ত থাকে সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়কসকল সেই কথা চৰৰ লোকে নাজানে৷ নিৰ্বাচনৰ সময়ত নিজকে সংখ্যালঘু দৰদী বুলি জাহিৰ কৰা নেতাসকলে নিৰ্বাচন পাৰ হলে ঘুৰি চাবলৈ আহৰি নাপায় এইসকল লোকক। ৰাইজৰ সমস্যাক গুৰুত্ব দিবলৈ আহৰি নাপায় তেওঁলোকে।

বিশেষকৈ ৰাজ্যৰ সংখ্যালঘু নেতাসকলে বিধায়ক হৈ দিছপুৰ পোৱাৰ পিছত বিলাসী গাড়ী, আৱাস লাভ কৰি তেওঁলোকে পাহৰি যায় সংখ্যালঘু সমষ্টিৰ গাঁও কেইখনৰ কথা, চৰৰ কথা। তাৰ মাজতে বিলাসীপাৰা পশ্চিম বিধান সভা সমষ্টিৰ এখন দলঙৰ বাবে হাহাকাৰ কৰিছে হাজাৰ হাজৰ লোকে। দলং নহয় যেন মৰণফান্দ হে৷

বৃহৎ এখন কংক্ৰিটৰ দলং থকাৰ পিছতো বাঁহৰে দলং নিৰ্মাণ কৰি ৰাইজে আহ-যাহ কৰিব লগা হয়৷ কামিহাড়সদৃশ বাহৰ দলঙেৰে যাতায়ত কৰে হাজাৰ হাজাৰ লোকে৷ নায়েৰ আলগা চৰ-বিলাসীপাৰাৰ পথত থকা কংক্ৰিটৰ দলঙৰ এটা মূৰৰ মাটি খহাই নিয়াৰ ফলত ৰাইজে পথটোৰে গাড়ী-মটৰ পাৰ কৰিব নোৱাৰে৷ মাহৰ পিছত মাহ ধৰি দলং খনেৰে ৰাইজে তেনেদৰে আহ-যাহ কৰি আহিছে যদিও স্থানীয় বিধায়ক, প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই৷

স্বাধীনতাৰ ৭০বছৰৰ পাছতো যাতায়তৰ এই পয়ালগা অৱস্থাৰ বাবে অঞ্চলটোত প্ৰৱেশ নকৰে এম্বুলেন্স৷ বেমাৰ আজাৰ হলে ৰোগীক চিকিৎসালয়লৈ নিব লাগে চাইকেল, ডাংকোলাকৈ অথবা সাঙীত তুলি। এই ভঙা বাঁহৰ দলং খনৰ বাবে যমৰ যাতনা ভোগ কৰি আহিছে ৰাইজে।

ধুবুৰী জিলাৰ সংখ্যালঘু এলেকাৰ বৃহৎ চৰ এলেকা নায়েৰ আলগাত হাজাৰ হাজাৰ লোকে পথটোৰ বাবে যমৰ যাতনা ভোগ কৰিব লগা হৈছে৷ বৃহত্তম চৰ এলেকা নায়েৰ আলগাৰ ৯৯ শতাংশ লোকেই কৃষক৷ কিন্তু কৃষি প্ৰধান অঞ্চলটোৰ কৃষিৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ আনিবলৈ নাই পথ৷ গাড়ী-মটৰ সোমাব নোৱাৰাৰ বাবে সামগ্ৰীৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈছে কৃষক।

কৃষকসকলৰ সন্তান শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। বিলাসীপাৰা পশ্চিম সমষ্টিৰ ৰাস্তা-ঘাট মেৰামতি নকৰাৰ ফলত ৰাস্তা-দলং জৰাজীৰ্ণ হৈ পৰাত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, কৃষক, ব্যৱসায়ীয়ে বিপদত পৰে৷ দলংৰ পৰা পৰি মানুহৰ মৃত্যু পৰ্যন্ত হৈছে৷ স্থানীয় সাংসদ, বিধায়কে চকু-মুদা কুলিৰ ভাও ধৰা দেখা যায়। অসম চৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহজাহান আলী আহমেদে নায়েৰ আলগা চৰ অঞ্চলৰ দীৰ্ঘ দিন ধৰি বাট পথৰ জৰাজীৰ্ণ হৈ আছে।

ৰাস্তাঘাট মেৰামতি নকৰিলে ২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাইজে ভোট বৰ্জন কৰিবলৈ বাধ্য হ’ব বুলি কয়৷ স্থানীয বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীক কঠোৰ সমালোচনা কৰি তেওঁ বিধায়ক হোৱাৰ পিছৰে পৰা শীততাপ নিয়ন্ত্ৰিত গাড়ী আৰু বিধায়ক আবাস লাভ কৰি সমষ্টিৰ ৰাইজক পাহৰি যোৱা বুলি কয়৷ বিধায়কে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই বুলি অভিযোগ উত্থাপন কৰে অসম চৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহজাহান আলী আহমেদে৷