
newsnextone.com | গুৱাহাটীঃ এদিন দুদিন এসপ্তাহ নহয়, ৩৯ দিন হ’ল ৰেৱতী ফুকনৰ সন্ধানহীন হোৱাৰ৷ ৰাজ্যৰ ৰাজধানীৰ পৰা নিৰুদিষ্ট হোৱা এগৰাকী আগশাৰীৰ নাগৰিকৰ সন্ধান উলিয়াবলৈ আজি পৰ্যন্ত সক্ষম হোৱা নাই ৰাজ্যৰ বিয়াগোম এখন চৰকাৰে। নাগৰিকক সুৰক্ষিত কথা আওৰাই থকা চৰকাৰে ৰেৱতী ফুকনক বিচাৰি উলিয়াবলৈ সক্ষম ন'হল।
ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰাৰ পিছতো ৰাজ্যৰ বিয়াগোম প্ৰশাসনে জ্যেষ্ঠ নাগৰিকগৰাকীক সম্ভেদ উলিয়াব নোৱাৰাত ৰাজ্যৰ নাগৰিক সকলৰ সুৰক্ষাক লৈ সন্দেহত দিন পাৰ কৰিছে ৰাজ্যবাসীয়ে৷
উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলতে গুৱাহাটীৰ পৰা সন্ধানহীন হয় পিচিজিৰ অন্যতম সদস্য তথা ৰাজ্যৰ অন্যতম ফুটবল খেলুৱৈ ৰেৱতী ফুকন৷ পুৱা প্ৰাতঃ ভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয় ফুকন৷ পিছত পুত্ৰ কৌশিক ফুকনে পিতৃৰ সন্ধান নাপাই নিৰুদ্দেশ হোৱা বুলি গীতানগৰ থানাত এখন এজাহাৰ দাখিল কৰে৷
কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো তদন্তৰ নামত আৰক্ষী প্ৰশাসনে ভেকোভাওনা কৰি থকা বুলিহে অভিযোগ উত্থাপন হৈছে৷ মহানগৰীৰ বুকুৰ পৰা এগৰাকী লোক নিৰুদ্দেশ হোৱা ঘটনাক গুৰুত্ব সহকাৰে নলৈ তদন্তৰ গতি লেহেমীয়া কৰি থকা বুলি পৰিয়ালৰ লগতে বিভিন্ন জনে আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ তুলিছে৷ কিয়নো ঘটনা সংঘটিত হোৱাৰ এমাহ অতিক্ৰম কৰাৰ পিছতো ৰেৱতী ফুকনৰ নিৰুদ্দেশৰ তদন্তৰ শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷
এগৰাকী জ্যেষ্ঠ নাগৰিক তথা সন্মানীয় ব্যক্তি নিৰুদ্দেশ হোৱাৰ পিছতো অসম চৰকাৰ তথা প্ৰশাসনে ৰেৱতী ফুকনৰ সন্ধান উলিয়াবলৈ সক্ষম নহোৱাত প্ৰশাসনৰ তদন্তৰ প্ৰতি আস্থা হেৰুৱাই ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকন উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয়৷ উচ্চতম ন্যায়ালয়ত আবেদন জনাই কৌশিক ফুকনে পিতৃৰ নিৰুদ্দেশ কাণ্ডৰ তদন্তত আদালতৰ সহায় বিচাৰে৷
ইফালে পুত্ৰ কৌশিক ফুকনৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ৰেৱতী ফুকনৰ সন্ধানহীন ঘটনাৰ শুনানি গ্ৰহণ কৰে৷ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে শুনানিৰ অন্তত ১৪ দিনৰ ভিতৰত নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ স্থিতি জনাবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰে৷