স্কুলৰ পৰা ঘৰলৈ গৈ থকা কিশোৰীক অপহৰণৰ চেষ্টা কৰা ৰুবুলক ডিব্ৰুগড়ত আটক

newsnextone.com | গুৱাহাটীঃ শিৱসাগৰ জিলাৰ নামতিত সপ্তম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা কৰি পলাই থকা এগৰাকী লোকক বৃহস্পতিবাৰে নিশা ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে৷ দুদিন পূৰ্বে কিশোৰীক অপহৰণৰ চেষ্টা কৰি পলায়ন কৰা ৰুবুল আলীক ডিব্ৰুগড়ত অভিযান চলাই শিৱসাগৰ জিলাৰ আৰক্ষীয়ে আটক কৰে। নামতিৰ কৰুণাসাগৰ ৰজাবাৰী গাঁৱৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা চলাইছিল ৰুবুল আলীয়ে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল৷
 
ৰাজ্যত সঘনাই নাৰীজনিত অপৰাধ সংঘটিত হৈ অহাৰ সময়তে শিৱসাগৰ জিলাৰ নামতি কৰুণাসাগৰ ৰজাবাৰী গাঁৱৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ নামতিৰ চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে স্কুলৰ পৰা ঘৰলৈ গৈ থকাৰ অৱস্থাত খৰিকটিয়া আলিৰ ৰেল ক্রচিংৰ সমীপত দুৰ্বৃত্তই অপহৰণৰ চেষ্টা কৰে। 

এখন মাৰুতী ভানত অহা দুৰ্বৃত্তই ছাত্ৰীগৰাকীক মাতৃৰ কথা কৈ গাড়ীত উঠাই নিয়াৰ চেষ্টা চলায়। ছাত্ৰীগৰাকীয়ে ভয়ত নিজকে ৰক্ষা কৰিব বিচাৰে যদিও টানি নি গাড়ীত উঠাব খোজেতেই সাহসী ছাত্রীগৰাকীয়ে দুৰ্বৃত্তৰ কৱলৰ পৰা দৌৰ মাৰি নিজকে ৰক্ষা কৰে আৰু এখন দোকানত আশ্ৰয় লৈছিল৷ 

ঘটনা সন্দৰ্ভত নামতি আৰক্ষী থানাত ৰুবুল আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰ ভিত্তিত ১২/১০১৮ নম্বৰৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে ৰুবুলক আটক কৰিবলৈ অভিযান চলাই৷ নামতি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে খোদ নেতৃত্ব লৈ চলোৱা অভিযানত ডিব্ৰুগড় আৰক্ষীৰ সহায়ত ৰুবুলক ধৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, ছাত্ৰীগৰাকীৰ মাতৃ বিগত তিনিমাহ ধৰি নিৰুদ্দেশ হৈ আছে। নিৰুদ্দিষ্ট মাতৃগৰাকীৰ সৈতে কন্যাক যোগাযোগ কৰি দিব খুজি অপহৰণৰ চেষ্টা কৰা লোকগৰাকী একেটা এলেকাৰে৷