
newsnextone.com | গুৱাহাটীঃ আমেৰিকাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰৰ দৰে এইবেলিও সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসমীয়াই পৰিচালনা কৰা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী অনুষ্ঠান ফ্ৰেণ্ডছ অৱ আসাম এণ্ড চেভেন চিষ্টাৰ্ছ চমুকৈ ফাচে৷ ফ্ৰেণ্ডছ অৱ আসাম এণ্ড চেভেন চিষ্টাৰ্ছৰ সভাপতি ৰাজেন বৰুৱা আৰু সাধাৰণ সম্পাদক জয়ন্ত শৰ্মাই এক বিবৃতি যোগে আমেৰিকাত আধ্যয়নৰত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক ৱেলকাম পেকেজৰ (Welcome Package) জৰিয়তে সহায় কৰিব বুলি জানিবলৈ দিয়ে৷
আমেৰিকাত পঢ়ি থকা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ফাচে ২০১৮ বৰ্ষৰ বাবে ‘স্বাগতম পেকেজʼৰ কথা ঘোষণা কৰি নিৰ্বাচিত উপযুক্ত ছাত্ৰ-ছাত্ৰীক ১০০০ ডলাৰ দিয়া হ’ব বুলি কয়। উপযুক্ত প্রাৰ্থীসকল ২০১৭ চনত আমেৰিকাৰ যিকোনো বিশ্ববিদ্যালয়ত যি কোনো বিষয়ত পূৰ্ণকালিন পঢ়ি থকা ছাত্ৰ-ছাত্ৰী হ’ব লাগিব।
উত্তৰ পূৱ ভাৰতৰ যিকোনো ৮খন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়েহে এই ৱেলকাম পেকেজৰ বাবে আবেদন কৰিব পাৰিব বুলি কয়৷ পিতৃ-মাতৃ ভাৰতৰ বাহিৰত কাম কৰি থকা হ’ব নালাগিব। উপযুক্ত প্রাৰ্থীয়ে বায়’ডাটাসহ নিৰ্দিষ্ট ফৰ্মত আমেৰিকাৰ ফাচৰ কাৰ্যালয়ত আবেদন কৰিব পাৰিব।
আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে আমেৰিকাত উত্তৰ পূৱ ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কেনেকৈ বঢ়াব পৰা যায় এই সন্দৰ্ভত আৰু মুখামুখি হৈ অহা সমস্যাসমূহ বিশ্লেষণ কৰি এখন ৰচনা লিখিব লাগিব। নিয়মাৱলীৰ বাবে 404-510-6626, 713-677-9162 মোবাইল নম্বৰত নতুবা ই-মেইল jayantaps@yahoo.com, rajen.barua@gmail.comত যোগাযোগ কৰিবলৈ আহ্বান জনাই ফাচৰ সভাপতি ৰাজেন বৰুৱা আৰু সাধাৰণ সম্পাদক জয়ন্ত শৰ্মাই৷
ফাচে স্বাগতম পেকেজ প্ৰধানতে আমেৰিকাত শিক্ষাৰ আৰম্ভণি কৰা উপয়ুক্ত ছাত্ৰীক শিক্ষা আহৰণত থিতাপি লাগিবৰ বাবে সাহায্য আগবঢ়াব বুলি কয়৷ ফাচৰ মূল কাৰ্যালয় আমেৰিকাত আছে আৰু শাখা কাৰ্যালয় গুৱাহাটীতো আছে।