মুখ্যমন্ত্ৰীৰ সৈতে ২৮ সংগঠনৰ বৈঠক, বিধেয়কৰ বিৰোধিতা কৰিম বুলি নকলে মুখ্যমন্ত্ৰীয়ে

newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে ৰাজ্যৰ ২৮ জনগোষ্ঠীয় সংগঠনৰ সৈতে বহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ 

আছুৰ নেতৃত্বত ৰাজ্যৰ ২৮ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ সৈতে কেইবাঘণ্টা বৈঠক অনুষ্ঠিত কৰে যদিও মুখ্যমন্ত্ৰীৰ পৰা হিন্দু শৰণাৰ্থী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সুদত্তৰ নোপোৱা বুলি অভিযোগ উত্থাপন কৰে আছুৰ মুখ্য উপদেষ্টা সমজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ 

মুখ্য সচিব টি ৱাই দাস, এডিজিপি পল্লৱ ভট্টাচাৰ্য, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষীকেশ গোস্বামী, আইনী উপদেষ্টা শান্তনু ভৰালীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত আছুকে ধৰি অসমৰ আটাইকেইটা জাতীয় আৰু জনগোষ্ঠীয় সংগঠন উপস্থিত থাকে যদিও সকলোৱে নাৰাজ হৈ পৰে৷

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকৰ পৰা ওলাই আহি পুনৰ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে আছু৷ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্ব কুমাৰ ভট্টাচাৰ্যই আমি আশা কৰি মতে ফলাফল নাপালো বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে যেনেকৈ ক’ব বুলি ভাবিছিলো তেনেকৈ ন’হল বুলিও কয়৷ মুখ্যমন্ত্ৰীয়ে কেৱল কেন্দ্ৰ সৈতে আলোচনা কৰিম বুলি কলে যদিও বিধেয়ক খনৰ বিৰোধিতা কৰিম বুলি নকলে বুলি কয় আছুই৷