বিনা বেতনে শিক্ষকতা কৰি জীৱন-যৌৱন শেষ কৰিলে পয়োধৰ কলিতাই, দুখ লাগে নে সৰ্বানন্দ-সিদ্ধাৰ্ধৰ

newsnextone.com | গোৰেশ্বৰঃ ১৯৮৪ চনৰ পৰাই মানুহগৰাকীয়ে পুৱাই ঘৰৰ পৰা ওলাই যায়৷ ঘৰৰ পৰা ওলাই আহি পুৱাই প্ৰথমে দুই তিনি ঘৰত টিউচন কৰে৷ টিউচন কৰি তাৰ পিছত স্কুললৈ যায়৷ স্কুলৰ পৰা ঘৰলৈ যোৱাৰ বিপৰীতে পুনৰ কেইবাটাও পৰিয়ালৰ সন্তানক টিউচন কৰি নিশা মানুহজন ঘৰলৈ আহে৷ জীৱনটোত কিবা অলপ পাবৰ বাবে কেৱল কষ্ট কৰি পাৰ কৰিলে সমগ্ৰ জীৱনটো৷ 

কিন্তু পালে কি তেওঁ? পোৱাৰ নামত একো নাই৷ সমগ্ৰ জীৱনটো আনৰ সন্তানক মানুহ কৰাৰ বাবে অনেক কষ্ট কৰি অৱশেষত মানুহগৰাকীয়ে চিকিৎসালয়ৰ বিচনাৰ সংগী হ’ব লগা হৈছে৷ নাম তেওঁৰ পয়োধল কলিতা৷ ৫৮ বছৰীয়া পয়োধৰ কলিতা৷ অবিভক্ত কামৰূপ জিলাৰ বৰ্তমান বাক্সা জিলাৰ গোৰেশ্বৰ শিক্ষা খণ্ডৰ বেতনা কাউৰবাহা মিলন হাইস্কুলৰ শিক্ষক তেওঁ৷ ১৯৮৪ চনৰ পৰাই বেতনা কাউৰবাহা মিলন হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক হিচাপে শিক্ষকতা কৰিলে পয়োধৰ কলিতাই৷ 

পয়োধৰ কলিতাই যোৱা ৩৪ বছৰে শিক্ষকতা কৰা বেতনা কাউৰবাহা মিলন হাইস্কুল খন ২০১৩ চনত প্ৰাদেশীকৰণ কৰা হ’ল যদিও চৰাকৰে গ্ৰহণ নকৰিলে পয়োধৰ কলিতাৰ পদটো৷ যাৰ বাবে পয়োধৰ কলিতাই সংগ্ৰামী জীৱনটোত একো পাবলৈ সক্ষম নহ’ল৷ শিক্ষকগৰাকীয়ে সমগ্ৰ জীৱন ভেন্সাৰ শিক্ষানুষ্ঠানত শিক্ষকতা কৰি সতি-সন্তানক একো দিবলৈ সক্ষম নহ’ল৷ এসাঁজ ভাত, এযোৰ কাপোৰ, এটি থকা ঘৰৰ বাবে ওৰেটো জীৱন হাহাকাৰ কৰি পাৰ কৰিলে পয়োধৰ কলিতাই৷ 

টিউচন কৰা টকা কেইটাৰে পৰিয়ালটো চলাই যদিও সকলো সামগ্ৰীৰ দাম বৃদ্ধি হোৱাত চকুলো টুকি দিন পাৰ কৰিব লগা হৈছিল৷ ইমানে নহয় এতিয়া শিক্ষকেগৰাকীয়ে চিকিৎসালয়ৰ বিচনাত পাৰ কৰিব লগা হৈছি সময়৷ মৃত্যুৰ সৈতে যুঁজিব লগা হৈছে পয়োধৰ কলিতাই৷ জিএনআৰচিত চিকৎসাধীন শিক্ষকগৰাকীৰ বাক্সা জিলাৰ মহৰিপাৰাৰ পৰিয়ালটোৱে এতিয়া টকাৰ অভাৱত পৰিয়ালৰ মুৰব্বীগৰাকীক উন্নচ চিকিৎসা কৰিব পৰা নাই৷ বাক্সা জিলাৰ মহৰিপাৰাৰ টেঙাঝাৰ গাঁৱৰ শিক্ষক পয়োধৰ কলিতাক সহায় কৰিব কোনে সেয়াহে চিন্তাৰ বিষয়৷

২০১৩ চনত তেওঁৰ বিদ্যালয়খনৰ প্ৰাদেশিকীকৰণ হ’ল যদিও তেওঁৰ পদটো প্ৰাদেশিকীকৰণ নহ’ল। পৰিয়াৰ চলোৱাৰ স্বাৰ্থত মহৰিপাৰাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় একালব্য বিদ্যা মন্দিৰ গণিত বিষয়ৰ অংশকালীন শিক্ষক হিচাপে শিক্ষকতা কৰিব লগা হৈছিল পয়োধৰ কলিতাই। ছাত্ৰ ছাত্ৰীৰ সৈতে ব্যস্ত থাকি মানসিক প্ৰশান্তি লাভ কৰা পয়োধৰ কলিতাৰ যোৱা ২৫ মে’ত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মহৰিপাৰাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় একালব্য বিদ্যা মন্দিৰৰ কেইবাগৰাকী ছাত্ৰই ভাল ফলাফল কৰিবলৈ সক্ষম হৈছিল৷

ফলাফল ঘোষণাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ সৈতে আনন্দ উপভোগ কৰি আছিল৷ সেই সময়তে একালব্য বিদ্যা মন্দিৰৰ পৰা গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰি ডিষ্টিংচন সহ উৰ্ত্তীণ হ’বলৈ সক্ষম হোৱা টিকুমণি কলিতা নামৰ ছাত্ৰীগৰাকীয়ে শিক্ষক পয়োধৰ কলিতাক গামোচা দিভিত পিন্ধাই দিয়াৰ সময়তে আৱেগিক হৈ চকুলো টুকি থকাৰ সময়তে পয়োধৰ কলিতা হঠাৎ অচেতন হৈ পৰে৷ হঠাৎ উচ্চৰক্ত চাপত আক্ৰান্ত হয় আৰু এতিয়া হাস্পাতালৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিব লগা হৈছে। 

আৰ্থিক ভাবে দুৰ্বল পৰিয়ালটোৱে পিতৃক চিকিৎসা কৰিব কৰ পৰা তাকেই লৈ চিন্তাত দিন পাৰ কৰিছে৷ চিকিৎসাৰ বাবে একালব্য বিদ্যা মন্দিৰে পাৰ্যমানে সহায় সহযোগিতা আগবঢ়াইছে যদিও তেওঁৰ উন্নত চিকিৎসাৰ বাবে সেয়া যথেষ্ট নহয়৷ 

বেতনা কাউৰবাহা মিলন হাইস্কুলত তেওঁ বিজ্ঞানৰ শিক্ষক হিচাবে শিক্ষকতা কৰিছিল ১৯৮৪ চনৰ পৰাই। অভিযোগ মতে প্ৰাদেশীকিকৰণৰ সময়ত সেই সময়ৰ প্ৰধান শিক্ষকে তেওঁৰ নামটো বিজ্ঞান শিক্ষক হিচাপে নিদি কলা শিক্ষক হিচাপে প্ৰেৰণ কৰাত প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰে পয়োধৰ কলিতাৰ নামটো। বিজ্ঞানৰ শিক্ষক হিচাপে কাম কৰাৰ পিছতো তেওঁৰ নামটো বাদ পৰি যায়। পৰৱৰ্ত্তী সময়ত আনকি ন্যায়ালয়ৰো কাষ চাপে শিক্ষকগৰাকীয়ে। পিছে আৰ্থিক অনাটনত কেৱল টিউচনৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া শিক্ষকগৰাকীয়ে ন্যায় পালে ক’ত৷

এফালে চাকৰিৰ চিন্তা আৰু আনপিনে পৰিয়াল পোহপাল দিয়াৰ চিন্তাত নিজৰ কন্যাকো সময় দিব নেৱাৰিছিল। সেয়ে তেওঁৰ কন্যাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে তেওঁৰ ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংচন সহ উৰ্ত্তীণ হোৱা কথাই তেওঁক আৱেগিক কৰি তুলিছিল মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনটোত। এতিয়া মৃত্যুৰ সৈতে পয়োধৰ কলিতাই যুঁজিব লগা হৈছে জিএনআৰচিত। তেওঁৰ খবৰ ল'বলৈ আহৰি নাই মন্ত্ৰী, বিধায়ক, বিটিচিৰ জিএম, ইএম, বেতনা কাউৰবাহা মিলন হাইস্কুলৰ কৰ্তপক্ষৰ। মৃত্যুৰ সৈতে যুঁজি থকা পয়োধৰ কলিতাৰ জীৱনৰ বাবে ৰাইজে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ বাহিৰে আন একো নাই বুলি কয় পৰিয়ালে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ নামত লেতেৰা ৰাজনীতি কৰি থকা শাসকীয় দলে দৰিদ্ৰ পৰিয়ালৰ বিপদৰ কথা খবৰ ৰাখে জানো৷ সৰু মানুহৰ কথাবোৰ কিমান গুৰুত্ব লাভ কৰে মন্ত্ৰী-বিধায়কৰ ওচৰত৷ ধৰ্মৰ নামত ৰাজনীতি কৰিব খোজা মন্ত্ৰী-বিধায়কে ৩০-৩৫ বছৰ শিক্ষকতা কৰা ভেন্সাৰ স্কুলৰ শিক্ষকক ন্যায় দিব নোখোজে৷

চৰকাৰে গুৰুত্ব দিলে হয়তো উজনিৰ নামনিৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কম হ’ল হেতেন৷ এতিয়া ৰাজ্য খনৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন যৌৱন সকলো শেষ কৰা হাজাৰ হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷

এসাজ ভাত, বস্ত্ৰ, সন্তানৰ পঢ়াৰ খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে আনৰ গাড়ী চলাব লগা হৈছে, দিন হাজিৰা কৰিব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷

বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিবৰ বাবে হাতত অৰ্থ নোহোৱাৰ বাবে বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ ৰাজ্যৰ তদানীন্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ ভেন্সাৰ শিক্ষানুষ্ঠানৰ হেজাৰ হেজাৰ শিক্ষক-কৰ্মচাৰীৰ জীৱনৰ সৈতে হেতালি খেলিলে। বৰ্তমানৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্ৰিত্ব লাভ কৰি কেৱল সংবাদ মাধ্যমত চমক দি আহিছে৷ কিন্তু আজিলৈ ভেন্সাৰ স্কুলৰ শিক্ষকৰ কথা কবলৈ সময় পোৱা নাই৷

যোৱা বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি স্কুল প্ৰাদেশীকীৰণ কৰিব লাগিছিল যদিও অধিৱেশনত প্ৰাদেশিকীকৰণ সম্পৰ্কীয় কেইবাখনো সংশোধনী বিল উত্থাপন কৰা হ'ব বুলি কৈ অৱশেষত এখনো উত্থাপন নকৰি ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক উপলুঙা কৰাই নহয় তেওঁলোকৰ জীৱনলৈও নমাই আনিছে অনিশ্চয়তা৷

হেজাৰ হেজাৰ ভেন্সাৰ শিক্ষকৰ পৰিয়াললৈ ঘোৰ অমানিশা নমাই অনা ৰাজ্যৰ প্ৰাক্তন বহুবল্কী শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আজিও সৰৱ ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষক। 

অপ্ৰাদেশিক শিক্ষকসকলৰ প্ৰতি কোনো ধৰণৰ কাণসাৰ নাই দিছপুৰীয়া মন্ত্ৰী-বিধায়কসকলৰ। যি সময়ত মন্ত্ৰী বিধায়কে নিজৰ দৰমহা বৃদ্ধি কৰি নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ বাবে উঠিপৰি লাগিছে সেই সময়ত ভেন্সাৰ শিক্ষকক বছৰ বছৰজুৰি মানৱ সম্পদ গঢ় দিবলৈ কৰি অহা কষ্টৰ মাননী দিবলৈ শিক্ষামন্ত্ৰী, চৰকাৰৰ এলাৰ্জি উঠে।

নিজৰ ল’ৰা ছোৱালীক এযোৰ ভাল কাপোৰ দিব নোৱাৰা বা নিজ পিতৃ-মাতৃক অকণো সহায় কৰিব নোৱাৰা এটি অৱস্থালৈ ঠেলি লৈ গৈছে শিক্ষামন্ত্ৰী-চৰকাৰে। বাৰে বাৰে মিছা কথাকৈ শিক্ষকক প্ৰতাৰণা কৰি অহা চৰকাৰৰ পৰা সমাজে কি আদৰ্শ ল'ব বুলিও শিক্ষকে প্ৰশ্ন কৰি আহিছে।