চৰকাৰক মাথো এটা খবৰ দিয়ক আৰু লাভ কৰক ৫ কোটি টকা

newsnextone.com | ডিজিটেল ডেস্কঃ আপুনিও নিশাৰ ভিতৰতে কোটি পতি হ’ব পাৰিব৷ আপুনি কেৱল বিচাৰি ফুৰিব লাগিব ক’ত আছে অবৈধ টকা-সম্পত্তি৷ অবৈধ টকা-সম্পত্তিৰ খবৰ সংগ্ৰহ কৰি খবৰটো দিব লাগিব আয়কৰ বিভাগক৷ যদি আপুনি আয়কৰ বিভাগক কলা ধনৰ খবৰ দিব পাৰে তেন্তে আপুনি উপাৰ্জন কৰিব পাৰিব ৫ কোটি টকালৈ৷ 

সবিশেষ তথ্য দিলে আপুনিও হৈ পৰিব পাৰে কোটিপতি৷ কোনো অবৈধ সম্পত্তি নতুবা বিদেশত জমা থকা ক’লাধনৰ বিষয়ে কোনো ব্যক্তিয়ে যদি সঠিক তথ্য দিয়ে তেন্তে সেই ব্যক্তিজনক আয়কৰ বিভাগে ১-৫ কোটি টকাৰ উপহাৰ দিব বুলি ঘোষণা কৰে৷ 

এনে ধৰণৰ খবৰ আয়কৰ বিভাগৰ আইটি আয়ুক্তক দি ধন উপাৰ্জন কৰিব পাৰিব৷ দেশৰ কলা ধনৰ খবৰ দিলে ১ কোটি আৰু বিদেশৰ কলা ধনৰ খবৰ দিলে ৫ কোটি পৰ্যন্ত টকা লাভ কৰিব খবৰ দিওতাই৷ প্ৰত্যক্ষ কৰ আয়োগ চমুকৈ চিবিডিটিয়ে ‘আয়কৰ মুখবিৰ ইনাম যোজনা’ৰ সালসলনি কৰে৷ 

ইয়াৰ দ্বাৰা দেশৰ ভিতৰত অবৈধ উপাৰ্জন নতুবা সম্পত্তিৰ ৰাজহ ফাকিক খবৰ আয়কৰ বিভাগক দিলে লাভ কৰিব এই টকা৷ আয়কৰ বিভাগে কলা ধন চুৰি ৰোধ কৰাৰ লগতে জনসাধৰণক এই অভিযানৰ সৈতে জৰিত কৰিবলৈ এই কথা ঘোষণা কৰে৷