নাগৰিকত্ব সংশোধনী বিধেয়কে অনুপ্ৰৱেশকাৰীক লাইচেন্স প্ৰদান কৰিব

newsnextone.com | কোকৰাঝাৰঃ পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে সদৌ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে৷ প্ৰমোদ বড়োৱে চৰকাৰক আক্ৰমণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কক স্বসৃষ্ট এক সমস্যা আখ্যা দিয়ে৷

প্ৰমাদ বড়োৱে কয় ‘‘নাগৰিকত্ব সংশোধনী বিধেয়ক হ'ল চৰকাৰ স্বসৃষ্ট এক সমস্যা। যি সময়ত জাতি জনগোষ্ঠীয়ে সমমৰ্যদা, সমঅধিকাৰ আৰু নিজৰ অস্তিত্ব আৰু ৰাজনৈতিক অধিকাৰ বিচাৰি আন্দোলন কৰি আছে তেনে সময়তে চৰকাৰৰ স্বসৃষ্ট সমস্যা নাগৰিকত্ব সংশোধনী বিধেয়ক কিয় আনিলে সেয়া চৰকাৰেও স্পষ্টভাৱে কব পৰা নাই৷ এই বিধেয়ক আইনত পৰিণত হ'লে ই সকলোৰে বাবে ভাবুকিস্বৰূপ হৈ পৰিব।’’

এবছুৰ সভাপতি প্ৰমোদ বড়োৱে কোকৰাঝাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি এয়া সপোনতো ভাবিব নোৱাৰা কথা বুলি মন্তব্য আগবঢ়ায়। বিধেয়কখন আইনত পৰিণত হলে অনুপ্ৰৱেশকাৰীক লাইচেন্স দিয়াৰ দৰে হ’ব বুলি মন্তব্য কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই বিধেয়ক বাতিলৰ দাবী জনাই জাতি-জনগোষ্ঠীক আত্মমৰ্যদাৰে জীয়াই থকাৰ বাবেহে কাম কৰিবলৈ চৰকাৰৰ আহ্বান জনায়।