ৰোগাক্ৰান্ত ছাত্ৰক কথা দি কথা ৰাখিব নোৱাৰিলে সৰ্বা-হিমুই, চৰকাৰৰ সহায় অবিহনে উজলিল সন্দীপ

newsnextone.com | ওদালগুৰিঃ শাৰিৰীক বাধাগ্ৰস্ততাই সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে। এই কথাই প্ৰমাণ কৰিলে ওদালগুৰি জিলাৰ ৰৌতাৰ সন্দীপ চেড়া নামৰ ছাত্ৰজনে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সন্দীপে কলা শাখাত ৯১.০৪ শতাংশ নম্বৰ লাভেৰে ৰৌতা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। 

উল্লেখ্য যে, সন্দীপ চেড়া জন্মৰ ছমাহৰ পৰাই আক্ৰান্ত হৈছিল থেলাচেমিয়া ৰোগত। ফলত ছাত্ৰজনৰ শৰীৰৰ পৰা প্ৰতিমাহে দুবাৰকৈ বছৰত প্ৰায় ৩৬ ইউনিট তেজ সলনি কৰিবলগীয়া হয়। অন্যথাই সন্দীপৰ স্বাস্থ্য অধি শোচনীয় হৈ পৰে। আনহাতে সন্দীপৰ শৰীৰত আইৰনৰ মাত্ৰা উচ্চ হাৰত থকাৰ বাবে ইয়াক নিয়ন্ত্ৰণৰ বাবে নিয়মীয়াকৈ ঔষধ সেৱন কৰিবলগীয়া হয়। 

ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ লক্ষী চেড়াই আৰু ৰীণা দেৱী চেড়াইৰ একমাত্ৰ সন্তান সন্দীপৰ এনে সাফলতাত ঘৰখনৰ লগতে সমগ্ৰ অঞ্চলটোতে আনন্দৰ বন্যা বয়। ২০১৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰোগাক্ৰান্ত সন্দীপে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৯২.৬২ শতাংশ নম্বৰ লাভ কৰিছিল। এইগৰাকী ছাত্ৰক কথা দি কথা ৰাখিব নোৱাৰিলে চৰকাৰে৷ অনাহক বিতৰ্কত সোমাই ঘণ্টাৰ পিছত ঘণ্টা সংবাদ মেল অনুষ্ঠিত কৰি সময় খৰছ কৰা চৰকাৰৰ মন্ত্ৰীয়ে ৰোগীয়া ছাত্ৰক বঞ্চিত কৰি নজিৰ সৃষ্টি কৰিলে৷ নিজকে কামৰ মানুহ বুলি জহাই ফুৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল৷ 

সন্দীপৰ স্বাস্থ্যৰ বিষয়ে অৱগত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্দীপৰ বাবে প্ৰয়োজনীয় সকলো তেজ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিনামূলীয়াকৈ যোগান ধৰাৰ কথা ঘোষণা কাৰ লগতে কৃতী ছাত্ৰগৰাকীৰ উচ্চ শিক্ষাৰ ব্যয় বহনৰ প্ৰতিশ্ৰুতি দিছিল। 

কিন্তু সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত হৈ নুঠিল। ফলত নিজ পিতৃ-মাতৃয়ে উপাৰ্জনৰ সমূহ ধন খৰচ কৰি সন্দীপৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ণৰ বাবে উৎসাহ যোগাইছিল। 

পিতৃ-মাতৃৰ সেই আশীৰ্বাদ গ্ৰহণ কৰি সকলো শাৰীৰিক বাধা নেওচি সদ্য ঘোষিত সন্দীপে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৯১.০৪ শতাংশ নম্বৰ লাভ কৰি উত্যীৰ্ণ হয়। সন্দীপৰ এনে সাফল্যত সমগ্ৰ ৰৌতা অঞ্চলত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ আগত ৰাখি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ছাত্ৰজনে।