মামীয়েকে অপহৰণ কৰিলে ওৰাঙৰ কিশোৰীক, গোৰেশ্বৰত উদ্ধাৰ

newsnextone.com | ওৰাংঃ ওদালগুৰি জিলাৰ ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰ-পত্ৰ পুৰণ কৰিবলৈ আহি এগৰাকী কিশোৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ১ জুনৰ দুপৰীয়া ঘৰৰ পৰা ওলাই অহা কিশোগৰাকীক নিৰুদ্দেশ হোৱাৰ প্ৰায় ১৫ ঘণ্টাৰ মূৰকত অভিযান চলাই উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ওৰাঙৰ গৰুবন্ধা গাঁৱৰ দীপক ডেকাৰ ১৫ বছৰীয়া একমাত্ৰ কন্যাগৰাকী এগৰাকী মহিলাৰ সৈতে ওৰাঙলৈ আহিছিল। প্ৰ-পত্ৰ পুৰাবলৈ আহি কিশোৰীগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকৰ মাজত হুৱা দুৱা লাগে আৰু বিভিন্ন ঠাইত খবৰ লৈ পৰিয়ালৰ লোক শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰি আৰক্ষীৰ কাষ চাপে। 

পিতৃ দীপক ডেকাই আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে। কিছু সময় পিছতেই কিশোৰগৰাকীয়ে পৰিয়ালৰ মোবাইলত ফোন কৰি কোনোবাই তেওঁক উঠাই লৈ অহা বুলি কয়৷ কোন ঠাইত আছে সেই কথা নাজানো বুলি কয়৷ যোগাযোগ বিচ্ছিন্ন হোৱাৰ কিছু মূহুৰ্তৰ পিছত পুনৰ ফোন কৰি দেউতাকক কয় যে তাই ৰিনিকি ৰিনিকি মনত পৰা মতে বাইহাটা চাৰিআলি আৰু গোৰেশ্বৰ নামৰ ঠাইৰ বেনাৰ পোষ্টাৰ দেখা মনত আছে আৰু তাই কাৰোবাৰ ঘৰত আৱদ্ধ হৈ আছে।

ওৰাং আৰক্ষী বিষয়াগৰাকীয়ে তৎপৰতাৰে উচ্চ পদস্থ আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰে আৰু মোবাইল নম্বৰৰ স্থিতি নিৰ্ধাৰণ কৰাৰ চেষ্টা কৰে। আৰক্ষীৰ তৎপৰতাত কিশোৰীগৰাকী ওদালগুৰি বাক্সা সীমান্তৰ নাওকাটা নামৰ ঠাইৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় পৰিয়ালৰ লোকে। আনহাতে যুৱতীগৰাকীৰ মামীয়েকেই কৌশলেৰে এই কাৰ্য সংঘটিত কৰে৷ কিহৰ বাবে মামীয়েকে এই কাণ্ড সংঘটিত কৰিলে সেই কথা পোহৰলৈ অহা নাই৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মামীয়েক সবিতা দেৱীৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০খ/৩৬৫/৩৭০/৩৪ ধৰাত ৪২/১৮নম্বৰত গোচৰ ৰুজু কৰে।