
newsnextone.com | ডিজিটেল ডেস্কঃ চিমলাৰ মানালীত এগৰাকী বিদেশী পৰ্যটকৰ ধৰ্ষণ কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ hindustantimes.comৰ খবৰ মতে, ৩০ বছৰীয়া বিদেশী যুৱতীগৰাকী জাপানৰ বুলি জানিব পৰা গৈছে৷ ৩০ মে’ত যুৱতীকগৰাকী টেক্সীচালকৰ কামনাৰ বলি হয়৷ ইতিমধ্যে টেক্সী চালকক আৰক্ষীয়ে আটক কৰে৷
কুলুৰ আৰক্ষী প্ৰকাশ কৰা মতে, জাপানৰ মহিলা পৰ্যটকগৰাকীৰ বয়স ৩০ বছৰ৷ টেক্সী চালকগৰাকীয়ে যোৱা ৩০ মে’ত মানালীৰ জংঘলত নি এই দুষ্কাৰ্য সংঘটিত কৰে৷ দীপক নামৰ টেক্সী চালকজনক আৰক্ষীয়ে আটক কৰে৷ শনিবাৰে আৰক্ষীয়ে অভিযান চলাই চালকগৰাকীক আটক কৰে৷
জানিব পৰা মতে. ২৯ মে’ত বিদেশী যুৱতীয়ে মানালীত উপস্থিত হৈছিল৷ তাৰ পৰা ৩০ মে’ত ধৰ্মশালা যাব বিচৰাছিল যুৱতীয়ে৷ কিন্তু যাত্ৰীবাহী বাছ নোপোৱাত মানালীত চাবৰ বাবে টেক্সী ভাড়া কৰে৷ টেক্সী চালকে মানালীত ভ্ৰমণ কৰাৰ অন্তত বিয়লি যুৱতীক বাছত উঠাই দিয়াৰ কথা আছিল৷ কিন্তু জংঘললৈ নি ধৰ্ষণ কৰে যুৱতীক৷