
newsnextone.com | কাজিৰঙাঃ ৰ'দ-বৰষুণ কাটি কৰি দিনে-নিশাই সমাজৰ বাবে কাম কৰে সাংবাদিকসকলে৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জড়িত লোকসকল একাংশ দুৰ্নীতিপৰায়ণ লোকৰ মুখা খন উদঙাই দিয়ে সময়ে সময়ে৷ সংবাদিকসকলে জনমত গঢ়াৰ আৰু চৰকাৰৰ জনবিৰোধী কাম কাজৰ বিৰুদ্ধে ৰাইজক সজাগ কৰা আৰু এনে কাণ্ড সমূহ পোহৰলৈ অনাৰ দায়িত্ব থাকে৷
অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে আৰু শিক্ষাৰ পোহৰ বিলোৱাৰ কামত নিয়োজিত হোৱাৰ এক দায়িত্ব থাকে৷ সমাজত ভাতৃত্ববোধ, সাম্প্ৰদায়িক সংহতি গঢ়াৰ বাবে কাম কৰাৰ দায়িত্ব থকাৰ প্ৰয়োজন বুলি কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জৰিত সাংবাদিকসকলৰ৷
কাজিৰঙা আঞ্চলিক সাংবাদিক সকলেও যেন তেনে ধৰ্মকে পালন কৰি গৈছে৷ কলম হাতত তুলি লোৱাৰ লগতে সমানে লৈছে প্ৰতিবাদৰ নেতৃত্ব৷ নগাৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কাজিৰঙাৰ সাংবাদিকে ৰাইজক ৰাজপথলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে৷ এইবাৰ কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বিভিন্ন সমস্যা সমাধানৰ সূত্ৰ বিচাৰি অনুষ্ঠিত কৰে এখন আলোচনা সভা৷
আলোচনা সভাত অংশ লৈ সংকল্প গ্ৰহণ কৰে বোকাখাত মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি বিবেক শ্যামে এটা-দুটা নহয়, কাজিৰঙা বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত বুলি কয়। এখন সুস্থ সমাজৰ হেতু এই সমস্যাবোৰৰ যুঁজ দিয়াটো অত্যন্ত প্ৰয়োজন। যাৰ বাবেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ জলন্ত সমস্যাসমূহ যিকোনো মূল্যৰ বিনিময়ত সমাধান কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও কয় শ্যামে৷
উল্লেখ্য যে, পৰ্যটন ক্ষেত্ৰ কাজিৰঙাৰ কদৰ্যময় পৰিৱেশ ছাফাই কৰা, পৰ্যটনৰ কেন্দ্ৰ বিন্দু কহঁৰা চাৰিআলিৰ সৌন্দৰ্যবৰ্ধন কৰা, বিজ্ঞানসন্মত অনাময় ব্যৱস্থা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ যোৱা কহঁৰা নৈ পৰিস্কাৰকৰণ, উদণ্ড বাইকাৰ্চক নাকী লগোৱাৰ ব্যৱস্থা কৰা, নিচাজাতীয় সামগ্ৰীৰ বিক্ৰী-সেৱনৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা, কাজিৰঙাৰ পাৰ্কিং ব্যৱস্থাৰ উন্নীতকৰণ, প্লাষ্টিক মুক্ত কাজিৰঙা গঢ়াৰ ব্যৱস্থা কৰা আদিকে ধৰি বিভিন্ন সমস্যাৰ সন্দৰ্ভত এখন আলোচনা সভা অনুষ্ঠিত কৰে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই।
জিৰঙাৰ কহঁৰাস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত অনুষ্ঠিত আলোচনা সভা সঞ্চালনা কৰে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি স্বপন নাথে। আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, আটছা, আটাছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, কহঁৰা বজাৰ সমিতি আদিকে ধৰি কাজিৰঙাৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত আলোচনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি সাহাই। উদ্দেশ্য কৰি সাহাই কয় যে সম্প্ৰতি অৱক্ষয় আৰম্ভ হোৱা সামাজিক ব্যৱস্থাত সমাজৰ সচেতন লোকসকলে গুৰুত্ব প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজন।
উঠি অহা প্ৰজন্মক এক সঠিক দিশ দিয়াৰ সমান্তৰালকৈ এখন সুস্থ সমাজৰ স্বাৰ্থত প্ৰত্যেকেই ঐক্যবদ্ধ হোৱাটো সাম্প্ৰতিক সময়ত এটা প্ৰাসংগিক বিষয়। ইফালে, শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ কাজিৰঙা এলেকাত একাংশ পুঁজিপতিয়ে প্ৰকাণ্ড ল'জ-ৰিচৰ্ট-ধাবাকে ধৰি বিভিন্ন নিৰ্মাণ কাৰ্য সম্পন্ন কৰা আদিকে ধৰি কাজিৰঙাৰ সমস্ত সমস্যাৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায় সংস্থাৰ কাৰ্যকৰী সভাপতি নীলপদ্ম শৰ্মাই।
তদুপৰি, সাংবাদিক ৰঞ্জিত ৰজক, পলিমা চেতিয়া বসুমতাৰী আদিৰ লগতে সভাত উপস্থিত থকা আটছাৰ দীপক গঞ্জু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাখাত জিলাৰ সভাপতি দেৱকান্ত গগৈ, টাই আহোম ছাত্ৰ সন্থাৰ উৎপল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দীপ গগৈ, কহঁৰা বজাৰ সমিতিৰ নাৰায়ণ ভট্টৰায়ে বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে।
বোকাখাত মহকুমাৰ ৰাজহ চক্ৰ বিষয়া খনীন্দ্ৰ কুমাৰ দাস, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকী, মহকুমা আৰক্ষী বিষয়াৰ হৈ প্ৰতিনিধিত্ব কৰা কহঁৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল কুমাৰ গগৈ, পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ সচিব প্ৰভাত ফুকন উপস্থিত থকা সভাৰ মাজতে থাউকতে সমাধান কৰিব পৰা সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ প্ৰদান কৰে মহকুমাধিপতি বিবেক শ্যামে।
আনহাতে, দীৰ্ঘকালীন সমস্যাবোৰ পৰ্যায় ক্ৰমে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। তদুপৰি, অতি কম দিনৰ ভিতৰত মিহিমুখ-ম'হপৰা পথছোৱাৰ সংযোগী দলংখনৰ মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মহকুমাধিপতি শ্যামে। আলোচনা সভাত বোকাখাতৰ নৱনিযুক্ত মহকুমাধিপতি বিবেক শ্যাম, ৰাজহ চক্ৰ বিষয়া খনীন্দ্ৰ কুমাৰ দাস, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীক সংস্থাৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়।