শিৱসাগৰত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক অনৈতিক আচৰণ কৰাৰ অভিযোগ, সলনি হ’ল ছাত্ৰীৰ ভাষ্য

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | দিচাংমুখঃ শনিবাৰে শিৱসাগৰ জিলাৰ দিলিহি ধাই আলি উচ্চ মাধ্যমিক বিদ্যালয়ত এক উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি হয়৷ একাংশ ছাত্ৰীয়ে এগৰাকী শিক্ষকৰ বিৰুদ্ধে অনৈতিক কাৰ্য সংঘটিত কৰিব বিচৰা বুলি উত্থাপিত অভিযোগৰ পিছতে স্থানীয় লোক বিদ্যালয়ত উপস্থিত হৈ ঘটনা সন্দৰ্ভত জানিব বিচাৰে৷ 

বিদ্যালয়খনৰ এগৰাকী শিক্ষকে বিগত বহু দিন ধৰি বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীত অনৈতিক আচৰণ কৰি আহিছিল বুলি খোদ ছাত্ৰীয়ে শিশু সুৰক্ষা আয়োগক অভিযোগ দিছিল৷ এগৰাকী ছাত্ৰীৰ দেহৰ কাপোৰ পৰ্যন্ত খোলাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে৷ একাংশ ছাত্ৰীয়ে সমীপৰ শিশু সুৰক্ষা আয়োগক সমগ্ৰ বিষয়টো মৌখিকভাবে অৱগত কৰে৷

সেই ভিত্তিতেই একাংশ স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে বিদ্যালয়ত উপস্থিত হয়৷ ফলত বিদ্যালয়ৰ ভিতৰচৰাত খলকনিৰ সৃষ্টি কৰে৷ কিন্তু অতি ৰহস্যজনক ভাবে ছাত্ৰীসকলৰ ভাষ্য সলনি হয় শনিবাৰে৷ সাংবাদিকৰ কেমেৰাৰ সন্মুখত ভাষ্য সলনি কৰে ছাত্ৰীয়ে৷

বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু অন্য একাংশ শিক্ষকে অভিযুক্ত শিক্ষকক সুৰক্ষা প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপিত হয়৷ শিক্ষকজনৰ বিৰুদ্ধে ভাষ্য প্ৰদান কৰা ছাত্ৰীসকলক ভিতী প্ৰদৰ্শন কৰি পুনৰ বিপৰীত ভাষ্য প্ৰদান কৰিবলৈ বাধ্য কৰোৱা বুলিও অভিযোগ উত্থাপিত হয়৷ ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন হৈছে৷