
newsnextone.com | গুৱাহাটীঃ পুনৰ হ্ৰাস পালে পেট্ৰল-ডিজেলৰ মূল্য৷ দেওবাৰে ক্ৰমাগতভাৱে চতুৰ্থ দিন হ্ৰাস পায় পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য৷ শনিবাৰে ৯ পইচা হ্ৰাস পোৱাৰ পিছত দেওবাৰে পুনৰ ১০ পইচা হ্ৰাস পোৱাত দেশবাসীৰ মনত মূল্য বৃদ্ধিয়ে পুনৰ জুৰুলা নকৰাৰ আশাৰ সঞ্চাৰ হৈছে৷
১৬টা দিন ধৰি অৰ্থাৎ ৩০ মে’ পৰ্যন্ত অলপ অলপকৈ পেট্ৰলৰ মূল্য বৃদ্ধি ঘটি প্ৰতি লিটাৰত ৮০.৬৬ টকা পৰ্যন্ত হয়৷ কিন্তু বুধবাৰে পুৱাৰ পৰাই যেন দেশৰ চৰকাৰে জনতাক দি আছে সুখবৰ৷
আন্তঃৰাষ্ট্ৰীয় বজাৰত শুক্লৰ দাম বৃদ্ধিৰ অচিলা লৈ প্ৰতিদিনে বৃদ্ধি হৈ আহিছিল পেট্ৰলত-ডিজেলৰ মূল্য৷ কিন্তু শেহতীয়াকৈ ক্ৰমাগত ভাৱে হ্ৰাস পাই অহা পৰিলক্ষিত হৈছে পেট্ৰল-ডিজেলৰ মূল্য৷ মূল্য হ্ৰাস কৰি দেশৰ চৰকাৰখনে জনতাৰ মাজত অলপ হ’লেও আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে৷
বুধবাৰে পেট্ৰল আৰু ডিজেলত ১ পইচাকৈ হ্ৰাস পাইছিল৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে পেট্ৰলত আৰু ডিজেলত ৫ পইচা, শুকুৰবাৰে পেট্ৰল-ডিজেলত ৬ পইচাকৈ হ্ৰাস পোৱাৰ পিছত পুনৰ শনিবাৰে সমগ্ৰ দেশ জুৰি ৯ পইচাকৈ হ্ৰায় পায়৷
ইয়াৰ দ্বাৰা মূল্যবৃদ্ধিয়ে অশান্ত কৰি তোলা দেশৰ পৰিস্থিতি কিছু পৰিমাণে হ’লেও শান্ত হৈ পৰা পৰিলক্ষিত হয়৷ ১৬ দিন ধৰি একেৰাহে হোৱা মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ পিছত চতুৰ্থ দিনাও পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাত ৰাইজে স্বস্তিৰ নিশ্বাস এৰিছে৷ তথাপি গুৱাহাটীৰ লগতে দেশৰ বিভিন্ন চহৰত পেট্ৰল মূল্য এতিয়াও ৮০ ঘৰ স্পৰ্শ কৰিয়েই আছে৷
শনিবাৰে ৯ পইচাকৈ হ্ৰাস পোৱাত পেট্ৰল প্ৰতি লিটাৰত ৮০ টকা ৪২ পইচা আৰু ডিজেল ৭২ টকা ১৬ পইচাত উপলব্ধ হয়৷ ইয়াৰ পিছতে দেওবাৰে পুনৰ ১০ পইচা হ্ৰাস পোৱাত গুৱাহাটিত প্ৰতি লিটাৰ পেট্ৰল ৮০.৩২ টকা হয়৷